কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

মহিলাৰ নামত ১লাখ বিনিয়োগ কৰিলে দুবছৰত কিমান ৰিটাৰ্ণ? জানি থওক সবিশেষ

মহিলাৰ নামত ১লাখ বিনিয়োগ কৰিলে দুবছৰত কিমান ৰিটাৰ্ণ? জানি থওক সবিশেষ

বেছিভাগ বিনিয়োগকাৰীয়েই বিচাৰে যে তেওঁলোকৰ ধন নিৰাপদে থাকক আৰু সময়ৰ লগে লগে সেয়া বৃদ্ধি পাওক৷ ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড আৰু ক্ৰিপ্টোকাৰেন্সিৰ দৰে বিকল্পসমূহত বেছি ৰিটাৰ্ণ পোৱা গলেও সেই সমূহত ৰিস্ক লবলৈ বহুজনেই ভয় কৰে৷ এই পৰিস্থিতিত যিসমূহ স্কিমে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে সেইসমূহেই ভাল বুলি ধাৰণা কৰে বহুজনেই৷ বিশেষকৈ মধ্যবিত্ত আৰু অৱসৰৰ বাবে পৰিকল্পনা কৰি থকাসকলৰ বাবে চৰকাৰী প্ৰকল্প আৰু ফিক্সড ডিপোজিট এই বিভাগৰ অন্তৰ্ভুক্ত৷

ফিক্সড ডিপোজিট এক নিৰ্ভৰযোগ্য বিকল্প

বেংক আৰু পোষ্ট অফিচৰ এফ ডি স্কিমসমূহত বিনিয়োগকাৰীসকলক এক নিৰ্দিষ্ট সুদৰ হাৰৰ নিশ্চয়তা দিয়ে৷ এইসমূহ বজাৰৰ ওঠানমাৰ দ্বাৰা প্ৰভাৱিত নহয়৷ সেই কাৰণেই এফ ডিক অন্যতম নিৰাপদ বিনিয়োগৰ বিকল্প হিচাপে বিবেচনা কৰা হয়৷ বেংকসমূহত প্ৰবীণ নাগৰিকক অন্যতকৈ বেছিকৈ সুদ দিয়া হয়৷ পোষ্ট অফিচৰ সমস্ত বিনিয়োগকাৰীৰ বাবে সুদৰ হাৰ কিন্তু একেই৷

পোষ্ট অফিচ টাৰ্ম ডিপোজিট স্কিমৰ প্ৰধান বৈশিষ্ট্য

পোষ্ট অফিচৰ ফিক্সড ডিপোজিটক টাৰ্ম ডিপোজিট বুলি কোৱা হয়৷ বিনিয়োগকাৰীয়ে ১ বছৰ, ২বছৰ, ৩ বছৰ বা ৫ বছৰৰ ম্যাদ বাচি ল’ব পাৰে৷ বৰ্তমান পোষ্ট অফিচৰ ১ বছৰৰ টাৰ্ম ডিপোজিটত বাৰ্ষিক ৬.৯শতাংশ, ২ বছৰৰ ডিপোজিটত ৭.০ শতাংশ, ৩ বছৰৰ ডিপোজিটত ৭.১ শতাংশ আৰু ৫ বছৰৰ ডিপোজিটত ৭.৫শতাংশ সুদৰ হাৰ দিয়ে৷ এই স্কিমত সৰ্বনিম্ন বিনিয়োগ ১০০০ টকাৰ পৰা আৰম্ভ হয় আৰু সৰ্বোচ্চ বিনিয়োগৰ কোনো ঊৰ্ধসীমা নাই৷

মহিলাৰ নামত বিনিয়োগ

বহুতেই টেক্স পৰিকল্পনা আৰু পাৰিবাৰিক সঞ্চয়ৰ বাবে মহিলাৰ নামত এফ ডি খুলিবলৈ পছন্দ কৰে৷ পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট স্কিমত মহিলা, পুৰুষ আৰু প্ৰবীণ নাগৰিক সকলে একেই সুদ পায়৷ ইয়াৰ অৰ্থ হৈছে মহিলাৰ নামত বিনিয়োগ কৰিলে ৰিটাৰ্ণৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নহয় ই পৰিয়ালৰ আৰ্থিক পৰিকল্পনাত ভাৰসাম্য অনাতহে সহায় কৰিব পাৰে৷

১ লাখ বিনিয়োগত আপুনি কিমান ৰিটাৰ্ণ পাব?

যদি কোনো ব্যক্তিয়ে পোষ্ট অফিচত ২৪ মাহৰ বাবে ১০০০০০ টকাৰ এটা টাৰ্ম ডিপোজিট খোলে তেন্তে বৰ্তমান সুদৰ হাৰ অনুসৰি ম্যাদৰ শেষত তেওঁ মুঠ ১,১৪,৮৮৮ টকা পাব৷ ইয়াৰ ভিতৰত ১৪, ৮৮৮ টকা কেৱল সুদৰ বাবদেই পাব৷ এই ৰিপাট্ণ সম্পূৰ্ণ নিৰাপদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *