হোৱাটছ এপত আহি আছে বিশেষ সুবিধা, গুগলৰ দৰে কৰিব পাৰিব কাম, মিছা বতৰিৰ পৰা পাব সকাহ
শীঘ্ৰে হোৱাটছ এপৰ (WhatsApp) ৰ সৈতে আহি আছে এক নতুন বৈশিষ্ট্য যিয়ে ব্যৱহাৰকাৰীক ভুৱা বাতৰিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব। হোৱাটছ এপটো কৰিব পাৰিব গুগলৰ দৰে কাম।
এই নতুন বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে যিকোনো ছবি পোনপটীয়াকৈ হোৱাটছএপত বিচাৰি উলিয়াব পাৰিব আৰু সেই ছবিখন বাস্তৱ নে ভুৱা সেইটো জানিব পাৰিব। এই বৈশিষ্ট্য ভৱিষ্যতে অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে, কাৰণ হোৱাটছএপৰ জৰিয়তে ভুৱা বাতৰি দ্ৰুতগতিত বিয়পি পৰে, আৰু ইয়াক বন্ধ কৰিবলৈ চৰকাৰে হোৱাটছএপক নিৰ্দেশনা দিছিল।
পাছে কিদৰে সহায়ক হ’ব এই বৈশিষ্ট্য, কেনেকৈ কৰিব কাম-
ফটো সন্ধান: যেতিয়া আপুনি এখন ফটো বা ছবি পায়, তেতিয়া আপুনি সেই ফটোত ক্লিক কৰি এটা চাৰ্চ আইকন পাব, যি আইকনত টেপ কৰি সেই ফটোৰ বিষয়ে জানিব পাৰিব।
ৱেব সন্ধান: এই আইকনে সেই ছবিখনৰ বাবে ৱেবত সন্ধান কৰিব আৰু আপোনাক দেখুৱাব যে ছবিখন আগতে ক’ত ব্যৱহাৰ কৰা হৈছে।
ভুৱা বাতৰিৰ পৰা সুৰক্ষা: এইদৰে আপুনি সহজেই জানিব পাৰিব যে সেই ছবি ভুৱা নে সঠিক।
ভুৱা বাতৰিৰ প্ৰসাৰ বন্ধ কৰা: আজিকালি ছচিয়েল মিডিয়াত ভুৱা বাতৰিৰ প্ৰসাৰ অতি দ্ৰুত। হোৱাটছএপৰ এই নতুন বৈশিষ্ট্যই ভুৱা বাতৰিৰ প্ৰসাৰ ৰোধ কৰাত সহায় কৰিব।
উন্নত ব্যৱহাৰকাৰী অভিজ্ঞতা: স্বনিৰ্বাচিত তালিকা বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক এটা উন্নত অভিজ্ঞতা প্ৰদান কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ