নবী হজৰত মহম্মদৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পিছতে দেশ-বিদেশে সমালোচনাৰ সন্মুখীন হোৱা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাক বিচাৰি মুম্বাই আৰক্ষীয়ে অভিযান চলাইছে। খবৰ অনুসৰি মুম্বাই আৰক্ষীয়ে যোৱা চাৰিদিন ধৰি দিল্লীত তেওঁৰ সন্ধান চলাই আছে যদিও তেওঁৰ কোনো সন্ধান পোৱা নাই।
ৰাজা একাডেমীৰ এজাহাৰৰ ভিত্তিত নূপুৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মুম্বাই আৰক্ষীয়ে। তেওঁক সোধা-পোছাৰ বাবে তলৱও কৰিছিল মুম্বাই আৰক্ষীয়ে।
লগতে পঢ়ক মৃত্যুৰ পিছতে গ্লোবেন সন্মান লাভ সিদ্ধু মুছেৱালাৰ, কি সন্মান লাভ কৰিলে প্ৰয়াত শিল্পীগৰাকীয়ে?
ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ অনুসৰি মহাৰাষ্ট্ৰৰ গৃহ বিভাগে প্ৰকাশ কৰিছে যে মুম্বাই আৰক্ষীয়ে অভিযান চলাই বিজেপিৰ পৰা নিলম্বিত হোৱা বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাৰ সন্ধান উলিয়াব পৰা নাই। বিভাগটোৱে জনোৱা মতে, নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰাকৈ মুম্বাই আৰক্ষীৰ হাতত যথেষ্ট তথ্য প্ৰমাণ মজুত আছে।
উল্লেখ্য যে মুম্বাইৰ পায়ধুনী আৰু থানে আৰক্ষী থানাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
ইফালে মুম্বাই আৰক্ষীয়ে নূপুৰ শৰ্মাক থানাত উপস্থিত হ’বলৈ চমন প্ৰেৰণ কৰিলেও তেওঁ থানাত উপস্থিত হোৱা নাছিল৷ আনহাতে দিল্লী আৰক্ষীয়েও অভিযানকাৰী মুম্বাই আৰক্ষীক সহযোগ নকাৰ অভিযোগ উঠিছে৷
লগতে পঢ়ক মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?
মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহমন্ত্ৰী দিলীপ ৱালছে পাটিলে এই সন্দৰ্ভত কয়, ‘‘এয়া সঁচা। মহাৰাষ্ট্ৰ আৰক্ষীৰ প্ৰচেষ্টা চলাই আছে আৰু দিল্লী আৰক্ষীয়েও সহায় কৰিব লাগে।’’
উল্লেখ্য যে এটা টিভি চেনেলৰ টক শ্ব’ত নূপুৰ শৰ্মাই হজৰত মহম্মদৰ বিষয়ে আপত্তি আৰু অপমানজনক মন্তব্য কৰাৰ অভিযোগ উঠিছিল৷ তেওঁৰ বক্তব্যৰ বিৰূপ প্ৰভাৱ ভাৰতকে ধৰি বিশ্বৰ বহু দেশত দেখা গ’ল।
কাটাৰ, পাকিস্তান, ইৰাণ, ইৰাককে ধৰি কমেও ১৪ খন দেশে নূপুৰ শৰ্মাৰ মন্তব্য বিৰুদ্ধে স্থিতি প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে৷ ইয়াৰ পিছতে বিজেপিয়ে নূপুৰ শৰ্মাক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ