টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে বিবাহ বিচ্ছেদৰ আবেদন কৰিছে৷ দেশৰ তাৰকা বক্সাৰগৰাকীয়ে যোৰহাটৰ পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আবেদন কৰা বুলি প্ৰকাশ পাইছে৷
প্ৰকাশিত খবৰ মতে স্বামী-স্ত্ৰী দুয়োগৰাকীয়ে সন্মতিক্ৰমে বুজাপৰা মাজেৰে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে৷
প্ৰকাশিত তথ্য মতে বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ২০১৮ চনত যোৰহাটৰ নৱনীত গোস্বামী নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷
লগতে পঢ়ক মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?
বক্সাৰ লাভলীনা বৰগোহাঁইয়ে কিয় বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই৷
উল্লেখ্য যে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ২০২০ টকিঅ’ অলিম্পিকত বক্সিঙত দেশৰ হৈ ব্ৰঞ্জৰ পদক জয় কৰাৰে পৰা সমগ্ৰ দেশৰ লগতে বিশ্ব ক্ৰীড়া ক্ষেত্ৰতো চৰ্চা লাভ কৰিছে৷
ইতিমধ্যে লাভনীলা বৰগোহাঁইক অসম চৰকাৰে অসম আৰক্ষীৰ ডিএছপি পদতো নিযুক্তি প্ৰদান কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ