দেশৰ জনসংখ্যাই ডেৰশ কোটি অতিক্ৰম কৰাৰ পথত যদিও আজিও যৌনস্বাস্থ্যক লৈ কথা ক’বলৈ লাজ কৰে বহুজনেই৷ তাৰ বাবেই যৌনস্বাস্থ্যক লৈ সম্যক ধাৰণা তৈয়াৰ নহয়৷ যাৰ প্ৰভাৱ পৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত৷ বহুতেই নাজানে যে পুৰুষৰ যৌনক্ষমতা দিনজুৰি সমানে নাথাকে৷ ইয়াৰ মূল কাৰণ দেহৰ বিভিন্ন শৰীৰবৃত্তীয় প্ৰক্ৰিয়া সৰ্বক্ষণে চলি নাথাকে৷ বিভিন্ন জৈৱিক প্ৰক্ৰিয়াই যি চক্ৰ মানি চলে তাক বিজ্ঞানৰ ভাষাত কোৱা হয় চাৰ্কাডিয়ান চক্ৰ৷
পুৰুষৰ যৌন সক্ষমতা আৰু ছাৰ্কাডিয়ান চক্ৰৰ মাজত এক জটিল সম্পৰ্ক আছে৷ সহজ ভাষাত ছাৰ্কাডিয়ান ছাইকেল হৈছে আমাৰ শৰীৰৰ আভ্যন্তৰীণ ঘড়ী, যি প্ৰায় ২৪ ঘণ্টাৰ এটা চক্ৰ মানি চলে আৰু আমাৰ টোপনি, হৰমনৰ উৎপাদন আৰু অন্যান্য শাৰীৰিক প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে৷ জানি থওক এই চক্ৰই কেনেকৈ পুৰুষৰ যৌন সক্ষমতাক নিয়ন্ত্ৰণ কৰে?
১. টেষ্টোষ্টেৰণৰ মাত্ৰা
টেষ্টোষ্টেৰণ হৈছে প্ৰধান পুৰুষ যৌন হৰমন৷ যিয়ে যৌন ইচ্ছা, বীৰ্য উৎপাদন আৰু সামগ্ৰিক যৌন স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে টেষ্টোষ্টেৰণৰ মাত্ৰা দিনৰ বিভিন্ন সময়ত পৰিবৰ্তিত হয়৷ সাধাৰণতে পুৱা টেষ্টোষ্টেৰণৰ মাত্ৰা সকলোতকৈ বেছি থাকে আৰু নিশাৰ ভাগত কমি যায়৷ সেয়ে পুৰুষৰ পুৱা যৌন ইচ্ছা বেছি হয়৷
২) অন্যান্য হৰমন
টেষ্টোষ্টেৰণৰ ওপৰিও অন্যান্য হৰমনেও পুৰুষৰ যৌন ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে৷ উদাহৰণস্বৰূপে কাৰ্টিচল নামৰ ষ্ট্ৰেছ হৰমনে যৌন ইচ্ছাক কমাব পাৰে৷ কাৰ্টিছলৰ মাত্ৰাইয়ো ছাৰ্কাডিয়ান চক্ৰৰ দ্বাৰা প্ৰভাৱিত হয়৷
৩) টোপনিৰ গুণমান
পৰ্যাপ্ত টোপনিয়ে পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ টোপনিৰ অভাৱত টেষ্টোষ্টেৰণৰ মাত্ৰা কমাব পাৰে আৰু যৌন ইচ্ছাক প্ৰভাৱিত কৰিব পাৰে৷ ছাৰ্কাডিয়ান চক্ৰই আমাৰ টোপনিৰ ধৰণক নিয়ন্ত্ৰণ কৰে৷ অনিয়মিত টোপনিয়ে চাৰ্কাডিয়ান চক্ৰক ব্যাহত কৰিব পাৰে আৰু পুৰুষৰ যৌন ক্ষমতাক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে৷
৪) মানসিক স্বাস্থ্য
ছাৰ্কাডিয়ান চক্ৰই মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে৷ কিছু গৱেষণাত দেখা গৈছে যে ছাৰ্কাডিয়ান ছন্দৰ ব্যঘাতে মানসিক স্বাস্থ্যজনিত সমস্যা বঢ়াব পাৰে৷
এয়া বিজ্ঞানৰ কথা৷ কিন্তু ইয়াৰ বাহিৰেও এক গুৰুত্বপূৰ্ণ বিষয় আছে৷ সেয়া হৈছে মানসিক প্ৰস্তুতি৷ উভয় সংগীৰ মানসিকভাৱে প্ৰস্তুত থকা আৰু এজনে আনজনৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱা ৰখাটো খুবেই গুৰুত্বপূৰ্ণ৷ যেতিয়া উভয় পক্ষই স্বাচ্ছন্দ্য বোধ কৰিলেহে যৌন মিলন সম্ভৱ৷ বহু সময়ত ব্যক্তিগত পছন্দৰ ওপৰতো নিৰ্ভৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ