অসম লাইভ ২৪ঃ নিপন গোস্বামীয়ে মৃ্ত্যুৰ পূৰ্বেই অসমবাসীক ক’ব বিচাৰিছিল তেওঁৰ যোৱাৰ কথা৷ অক্সিজেন মাস্কখন খুলি বোৱাৰীয়েক কিংকিনীক কৈছিল, ‘ৰাইজসকলক শেষ বিদায় দিবলৈ ক’বা, অসমবাসীক ক’বা মোৰ যোৱাৰ সময় আহিছে৷’ নিজেই বুজি উঠিছিল নিপনদাই তেওঁযে এই পৃথিৱীত আৰু মাত্ৰ কেইটামান ঘণ্টাৰহে অতিথি৷
আনহাতে কেৱল বিদায়ে মাগিছিল এনে নহয়৷ সঁকিয়াই দিছিল বোৱাৰীয়েকক, ‘মোক যদি যাবলৈ নিদিয়া তোমালোকক পাৰে চুব৷ মোৰ সময় আহি গৈছে৷’
অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত বোৱাৰীয়েক কিংকিনীয়ে উচুপি উচুপি কোৱা কথাখিনিয়ে কঁপাই তুলিছে বহুতৰেই অন্তৰাত্মা৷ প্ৰিয় অভিনেতাজন বিলীন হ’ল পঞ্চভূতত৷ পুত্ৰ-বোৱাৰীয়েকৰ হিয়া ঢাকুৰিয়াই কান্দি কান্দি কৈছে এটাই কথা, ‘দেউতাৰ ডঃ বেজবৰুৱা-২ লৈ বৰ আশা আছিল৷ তেওঁক ভগবানে আৰু মাত্ৰ ৪ মাহ মান ৰখা হ’লেও! দেউতা নোহোৱা ঘৰখনত আমি কেনেকৈ থাকিম?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ