অসম লাইভ২৪ঃ এই জীৱন আছিল ৰঙৰ জীৱন৷ এই জীৱন আছিল প্ৰেমৰ জীৱন৷ ৰঙৰ পুজাৰীজন আৰু নাই৷ ৰঙ তুলিকাৰে জীৱন্ত হৈ থকা বেলতলাৰ সৌৰভ নগৰৰ সেই ঘৰখনত এতিয়া কেৱল মাথো নিৰৱতা৷ জিএমচিএইছৰ বিচনাত নিথৰ হৈ শুই আছে চিত্ৰশিল্পী নীলপৱন বৰুৱা৷
নীলপৱন বৰুৱাৰ নাম যেন অকলে ল’বলৈ সকলোৰেই কুণ্ঠাবোধ হয়৷ নীলপৱন বৰুৱাৰ নাম উচ্চাৰিত হ’লেই লগতে লোৱা হয় দিপালী বৰঠাকুৰৰ নাম৷ ২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে বিদায় মাগিছিল কুকিল কণ্ঠী গায়িকা দিপালী বৰঠাকুৰে৷ দিপালীবিহীন পৃথিৱীত বেছিদিনৰ আলহী নহ’ল নীলপৱন বৰুৱাও৷ আজি অৰ্থাৎ শুকুৰবাৰে ৩ বাজি ১৫ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নীলপৱন বৰুৱাই৷ মৃত্যুৰ সময়ত নীলপৱন বৰুৱাৰ বয়স হৈছিল ৮৬ বছৰ৷
দিপালী বৰঠাকুৰ গুচি যোৱাৰ মাত্ৰ ৪ টা বছৰ পাছতেই বিদায় ল’লে নীলপৱন বৰুৱাইয়ো৷ বিগত কেইবাদিনো ধৰি জিএমচিএইছত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱা৷ নীলপৱন বৰুৱাৰ মৃত্যুৰ লগে লগেই অতীত হ’ল এটি অমৰ প্ৰেম কাহিনী৷ বিশিষ্ট লেখিকা মনালিছা শইকীয়াই এবাৰ এটা পষ্টত নীলপৱন বৰুৱাৰ প্ৰসংগত কৈছিল, ‘দিপালী-নীলপৱনে যি ভালপোৱা জানে সেই কথা বৰ্তমানৰ বহু প্ৰেমিক-প্ৰেমিকাই নাজানে৷’
দিপালী বৰঠাকুৰ গুচি যোৱাৰ পাছত সৌৰভ নগৰৰ সেই বিশেষ ঘৰটোত অকলেই আছিল নীলপৱন বৰুৱা৷ অলসভাৱে কটাইছিল সময়৷ কথাবোৰো ধীৰে ধীৰে পাহৰা হৈছিল নীলপৱন বৰুৱাই৷ লাহে লাহে ৰঙ-তুলিকা তুলি ল’লেও হাত কঁপিছিল বৰুৱাৰ৷ বাৰ্ধক্যজনিত কাৰণতেই এনেবোৰ হয় বুলি উল্লেখ কৰিছিল চিকিৎসকেও৷ দিপালী বৰঠাকুৰ গুচি যোৱাৰ পাছত এক সাক্ষাৎকাৰত তেওঁ কৈছিল, ‘আছো, ঠিকেই আছো৷ চলি আছো৷ পিছে চিগাৰেট হে এৰিব পৰা নাই৷ ৰং-তুলিকাৰ কামবোৰ কৰিব নোৱাৰা হৈছো৷ এটা বয়সৰ পাছত চাগে সৃষ্টিশীলতা নাথাকে৷’
১৯৩৬ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল নীলপৱন বৰুৱাই৷ নীলপৱনৰ পিতৃ বিনন্দ চন্দ্ৰ বৰুৱা অসমৰ ধ্বনি কবিৰূপে খ্যাত৷ নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তিনিকেতন-ত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে।
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দিয়ে।১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদপ্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে শ্ৰী নিকেতনৰপৰা glazed pottery বিষয়ত শিক্ষা লয়। পাছলৈ বৰুৱাই নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংণৰ শিক্ষা লৈছিল। নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচূৰ ধূমপান কৰিছিল।
১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল নীলপৱন বৰুৱা। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ লৈছিল নীলপৱন বৰুৱাই৷ অমৰ প্ৰেমৰ চানেকী তুলি ধৰা নীলপৱন-দিপালী নোহোৱা হোৱা ঘৰখন একেই আছে৷ একেদৰেই ছবিবোৰ সিঁচৰিত হৈ আছে৷
ছবিবোৰ সংৰক্ষণৰ প্ৰয়োজনীতাও আছে! নীলপৱন বৰুৱা গুচি যোৱাৰ পাছতেই এই বিষয়েও সামাজিক মাধ্যমত চৰ্চা চলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ