কোন হয় কে এল শৰ্মা, যিয়ে প্ৰিয়ংকা গান্ধীৰ সলনি লাভ কৰিলে আমেঠীৰ টিকট
বহু প্ৰত্যাশিত আমেঠী আৰু ৰায়বৰেলী সমষ্টিৰ প্ৰাৰ্থীৰ নাম সদৰি কৰে কংগ্ৰেছে। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শেষৰটো দিন হোৱৰ সময়হে পুৱা ৭.৩০ মান বজাতহে কংগ্ৰেছৰ দুৰ্গ খ্যাক সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম সদৰি কৰে।
বহু দিনৰে পৰা সেই সমষ্টি দুটাত গান্ধী পৰিয়ালৰ দুই সন্তান ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে খেলিব বুলি সন্দেহ কৰা হৈছিল। পাছে কালি নিশা দুপৰলৈ চলা বৈঠকৰ অন্তত চূড়ান্ত সিদ্ধান্ত লয় কোন কোন হব প্ৰাৰ্থী। আলোচনাৰ অন্তত ৰায়বৰেলীত ৰাহুলেই খেলিব। আনহাতে বৰেলীৰ পৰা টিকট লাভ কৰিছে কে এল শৰ্মাই। টিকট লাভৰ পাছতে এতিয়া বহুতৰে মুখত এটাই প্ৰশ্ন , কোন এই কে এল শৰ্মা।
শৰ্মাক আমেঠীত সকলোৱে চিনি পালেও অন্য ঠাইৰ লোকৰ বাবে এক অচিনাকি নাম। সেয়ে সকলোৱে জানিব বিচাৰিছে কোন এই কে এল শৰ্মা।
কে এল শৰ্মা তথা কিশোৰী লাল শৰ্মা গান্ধী পৰিয়ালৰ অতি পুৰণি ঘনিষ্ঠ বন্ধু। দলীয় সূত্ৰই জনোৱা মতে, কিশোৰী লাল শৰ্মা আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ সহযোগী। ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ বন্ধন অধিক দৃঢ় হৈ পৰে।
দীৰ্ঘদিন ধৰি ৰাইবৰেলীত ছোনিয়া গান্ধীৰ প্ৰতিনিধি হিচাপে কাম কৰি আহিছে। যেতিয়াই গান্ধী পৰিয়ালৰ সৈতে জড়িত বিষয়বোৰ আহে তেতিয়াই কিশোৰী লাল শৰ্মা ৰাইবৰেলী আৰু আমেঠীৰ পইণ্ট-পাৰ্চন অৰ্থাৎ দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে কাম কৰি আহিছে।
পঞ্জাৱ ৰাজ্যৰ বাসিন্দা কে এল শৰ্মা। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ কৰ্মী হিচাপে আমেথিলৈ আহিছিল। কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী (প্ৰয়াত) ৰাজীৱ গান্ধীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থাকিল।
আমেঠীত থাকি তেওঁ দলৰ বাবে কঠোৰ পৰিশ্ৰম কৰি গৈছিল আৰু ১৯৯১ চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছতো আমেথিত কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰি গৈছিল। তেওঁ আন কংগ্ৰেছ প্ৰাৰ্থীৰ বাবেও প্ৰচাৰ চলাইছিল।
কে এল শৰ্মাই ১৯৯৯ চনত আমেথিৰ পৰা ছোনিয়া গান্ধীৰ প্ৰথমটো জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ ফলত তেওঁ সংসদত আসন লাভ কৰিছিল।
পুত্ৰ ৰাহুলৰ বাবে ছোনিয়া গান্ধীয়ে আসন এৰি দিয়াৰ পিছত শৰ্মাই আমেথি আৰু ৰাইবৰেলীত দলীয় কাম-কাজ পৰিচালনা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ