অসম লাইভ ২৪ঃ বিশাল মন এটাৰে অন্য দহগৰাকী যুৱতীৰ দৰে তাইৰো আছিল এটা সপোন। আৰু সেই সপোনৰ পম খেদিয়েই তাই আজি ২১ বছৰৰ পিছত দেশৰ নাম উজলাই তুলিলে সুদূৰ ইজৰাইলত। আজি তাই লাখ লাখ যুৱতীৰ বাবে এটা প্ৰেৰণা আৰু সাহসৰ নাম।
যি প্ৰেৰণা হ’ব বাবে তাই ১৫ বছৰ ধৰি গভীৰ একাগ্ৰতা আৰু ধৈৰ্যৰে কৰ্ম কৰি যাব লগা হৈছিল। তাইৰ সম্পূৰ্ণ নাম হাৰ্নাজ কৌৰ সান্ধু। জন্ম হৈছিল ২০০০ চনৰ ৩ মাৰ্চ তাৰিখে। অতি সাধাৰণ ঘৰত জন্মলাভ কৰা হাৰ্নাজে চৰকাৰী বিদ্যালয়তে নিজৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল। পঞ্জাৱৰ ছণ্ডীগড়ত জন্ম হোৱা হাৰ্নাজে সৰুৰ পৰাই ভাল পাইছিল খাদ্য ৰান্ধি, নতুন ঠাই ভ্ৰমণ কৰি আৰু ভিন্ন ভংগিমাৰে নৃত্য পৰিৱেশন কৰি।
চণ্ডীগড়ৰ শিৱালিকা চৰকাৰী বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰি চণ্ডীগড়ৰ চৰকাৰী ছোৱালী মহাবিদ্যালয় পৰা উৰ্ত্তীণ হোৱাৰ লগতে উচ্চ শিক্ষা হাৰ্নাজে সমাপ্ত কৰিছিল এগৰাকী Bachelor Of Information Technology ৰ ছাত্ৰী হিচাপে। অথাৎ হাৰ্নাজ কেৱল দেখাতেই সুন্দৰী আছিল এনে নহ’য় অধ্যয়নতো তাই আছিল অত্যন্ত মেধাৱী। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন প্ৰতিযোগিতাত লাভ কৰা সেই পুৰস্কাৰ সমূহ আছিল ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ।
মিছ ডিৱা ২০২১ ৰ বিজেতা। আৰু শেহতীয়া ভাৱে ১৩ ডিচেম্বৰত ইজৰাইলত লাভ কৰিলে ৭০ সংখ্যক মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ। মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুৰ ওজন হৈছে প্ৰায় ৫০ কেঃজিঃ আৰু উচ্চতা হৈছে ৫.৯ ইঞ্চি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ