প্ৰথমে পত্নীকেই ভুল ধৰা হয় সদায় ! পাছে বিচ্ছেদৰ এমাহ নহওঁতেই নতুন প্ৰেমিকাৰ সৈতে হাৰ্দিক…
বিচ্ছেদৰ সময়ত সকলোৱে কেৱল নতাশা ষ্টেনকোভিছকেই ভুল বুলি ধৰি লৈছিল। সকলোৱে ট্ৰোল কৰিছিল অভিনেত্ৰীগৰাকীক। পাছে বিয়াৰ এটা মাহ নহওঁতেই এতিয়া অন্যৰ সৈতে হাৰ্দিক। সত্য প্ৰমাণিত হোৱা নাই যদিও একে ঠাইৰ পৰা হাৰ্দিকৰ লগতে নতুন প্ৰেমিকাই পৃথকে পৃথকে ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যাৰ বাবে সন্দেহ কৰিছে অনুৰাগীয়ে।
উল্লেখ্য যে, বিবাহ বিচ্ছেদৰ পাছত নতাশা কিন্বা হাৰ্দিকে কোনেও কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল। কিয় বিচ্ছেদ হ’ল, কৰ বাবে বিচ্ছেদ হ’ল। পাছে সদ্যহতে নাতাশাই প্ৰতাৰণাৰ ওপৰত থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। সেয়ে বহু লোকৰে হাৰ্দিকৰ ওপৰত কিছু সন্দেহ হৈছিল। সেই সন্দেহ অধিক ঘনীভূত তেতিয়া হয় যেতিয়া হাৰ্দিকৰ সামাজিক মাধ্যমৰ ফটো দেখে।
বিবাহ বিচ্ছেদৰ পিছত নাটাছাই পুত্ৰৰ সৈতে ছাৰ্বিয়ালৈ গুচি যায়। এনে পৰিস্থিতিত হাৰ্দিকৰ নাম বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ পৰিছে। ইয়াৰ পূৰ্বে অনন্যা পাণ্ডে এতিয়া জেচমিন ৱালিয়াৰ সৈতে উপস্থিত হৈছে। তেওঁলোকৰ ডেটিংৰ বহু প্ৰমাণ ইনষ্টাগ্ৰামত পোৱা গৈছে। বৰ্তমানে হাৰ্দিক গ্ৰীচত আছে। যি স্থানৰ পৰা হাৰ্দিকে ফটো শ্বেয়াৰ কৰিছে সেই একেই হোটেল, একেই ছুইমিং পুল ছাইট, একেই বিকগ্ৰাফণ্ড থকা ফটো শ্বেয়াৰ কৰিছে জেচমিনেও। পাছে কোন এই জেচমিন।
জেচমিন ৱালিয়া এগৰাকী ব্ৰিটিছ গায়িকা। সংগীত জগত আৰু ছ’চিয়েল মিডিয়াত প্ৰায়ে জেচমিনে গীতৰ ভিডিঅ শ্বেয়াৰ কৰি থাকে। ব্ৰিটিছ ৰিয়েলিটি টিভি শ্ব’ দ্য অনলি ৱে ইজ এচেক্সত দেখা গৈছিল জেচমিনক। লণ্ডনৰ এচেক্সত জন্মগ্ৰহণ কৰা জেচমিনৰ পিতৃ-মাতৃ ভাৰতৰ।
প্ৰথমবাৰৰ বাবে বলীউডত জেচমিনে ভৰি দিয়ে কাৰ্তিক আৰিয়ানৰ ছবি ‘সোনু কে টিটু কি ছুইটি’ ছবিৰ বম ডিগী ডিগী গীতটো গাই। জেচমিনে বিগ বছ ১৩ৰ চূড়ান্ত প্ৰতিযোগী অসীম ৰিয়াজৰ সৈতে নাইটছ এন ফাইটছ নামৰ এটা মিউজিক ভিডিঅ’ও কৰিছিল। ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় ৬.৪ লাখ ফ’ল’ৱাৰ আছে। জেচমিনৰ ফটো দেখি মানুহে তেওঁক হাৰ্দিক পাণ্ডিয়াৰ প্ৰাক্তন পত্নী নাটাছাৰ সৈতে তুলনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















