বলীউড ইণ্ডাষ্ট্ৰীৰ অন্যতম হৈছে কাপুৰ পৰিয়াল৷ পৃথ্বিৰাজ কাপুৰ, ৰাজ কাপুৰৰ পৰা ৰণবীৰ কাপুৰ৷ তেওঁলোকৰ পৰিয়ালত অভিনয়ৰ ধাৰা যুগ যুগ ধৰি চলি আহিছে৷ এই পৰিয়ালৰ সদস্যসকলৰ অভিনয়ে যেনেকৈ দৰ্শকক আনন্দ দি আহিছে তেনেকৈ কিন্তু শিক্ষাগত দিশত তেওঁলোক আগবাঢ়ি যোৱা নাই৷ পুথিগত শিক্ষা তেনেই কম কাপুৰ পৰিয়ালৰ সদস্যৰ৷
কাপুৰ পৰিয়ালৰ বহু সদস্যই বিদেশত গৈ নানান কোৰ্চ পঢ়ি আহিছে যদিও সাধাৰণভাৱে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী এই পৰিয়ালৰ কোনো এজন সদস্যৰেই নাই বুলি ক’ব পাৰি৷ কাপুৰ পৰিয়ালৰ প্ৰায় সংখ্যকেই নৱম দশম শ্ৰেণীলৈকে পঢ়া যদিও তেওঁলোকৰ পৰিয়ালৰ এজন মাত্ৰ সদস্যই অভিনয়-প্ৰযোজনাৰ ওপৰিও পঢ়া সমানে আগুৱাই নিছিল৷ তেঁৱেই সকলোতকৈ শিক্ষিত কাপুৰ পৰিয়ালত৷ তেওঁৰ নাম আদিত্য ৰাজ কাপুৰ৷
আদিত্য ৰাজ কাপুৰে ৬৭ বছৰ বয়সত গ্ৰেজুৱেছন কৰিছে৷ তেওঁ ছাম্মী কাপুৰ আৰু গীতা বালিৰ সন্তান৷ ইন্দিৰা গান্ধী নেশ্ব্যনেল অপেন ইউনিভাৰ্ছিটিৰ পৰা পঢ়াশুনা সম্পন্ন কৰে৷ স্নাতক হয় ফিলোছফি বিষয়ত পঢ়াশুনা কৰে৷ ১৯৫৬ চনত জন্ম হয় আদিত্যৰ৷ লৰেন্স স্কুল ছানৱাৰৰ পৰা পঢ়াশুনা কৰে৷ ৰাজকাপুৰৰ সৈতে বহু ছবিত এছিচটেণ্ট হিচাপে কাম কৰে৷ তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ববি, ধৰম কৰম, সত্যম শিভম সুন্দৰম৷ ১৯৮৯ ত নিজেও এখন ছবি প্ৰযোজনা কৰে৷ আনকি পৰিচালনা আৰু অভিনয়ো কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ