কাইলৈ ভাৰতৰ প্ৰথমখন খেল, কোনে কৰিব অপেনিং, ৰাহুল দ্ৰাবিড়ে কৰিলে সদৰি
কাইলৈ ৫ জুন তাৰিখে টি-২০ বিশ্বকাপত প্ৰখমখন খেল খেলিবলৈ সাজু হৈছে ভাৰতীয় দল। প্ৰথমখন খেলত ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব। তাৰ পূৰ্বে এটা প্ৰশ্ন উত্থাপন হৈছে এইবাৰ অপেনিং কোনে কৰিব। কিয়নো বাংলাদেশৰ বিৰুদ্ধে অনুশীলন মেচত ৰোহিত শৰ্মাৰ সৈতে অ’পেন কৰিবলৈ আহিছিল সঞ্জু চেমচন। ইয়াৰ পিছতে জল্পনা-কল্পনা আৰম্ভ হৈছিল যে ভাৰতীয় মেনেজমেণ্টে এই বিশ্বকাপত নতুন অ’পেনিং প্লেয়াৰ লৈ খেলপথাৰত নামিব৷ আশা কৰা হৈছে যে বিৰাট কোহলীয়ে ৰোহিতৰ সৈতে অ’পেনিং কৰিব পাৰে। অথবা কোহলীয়ে জয়ছোৱালৰ সৈতে যুটি বান্ধি অপেনিং কৰিব পাৰে।
এই সন্দৰ্ভত দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এক বিবৃতি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে ৰাহুলে এই প্ৰশ্নসমূহৰ ওপৰত নিজৰ মতামত আগবঢ়ায় আৰু কিছুমান কথা কয় যিবোৰে শিৰোনাম দখল কৰিছে। যেতিয়া ৰাহুলক ভাৰতীয় লৰ অপেনাৰৰ বিষয়ে সোধা হৈছিল, তেতিয়া দলৰ প্ৰশিক্ষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, “আমাৰ হাতত সকলো দিশতে বিকল্প আছে আৰু খেলপথাৰৰ অৱস্থা চোৱাৰ পিছতহে ইয়াৰ সিদ্ধান্ত লোৱা হ’ব।”
বিৰাট কোহলী সন্দৰ্ভত ৰাহুল দ্ৰাবিড়ে কয়, “এই বিষয়ে আমি এতিয়াই একো ক’ব নোৱাৰো। আমাৰ কৌশল কি হ’ব সেয়া এতিয়াই সদৰি নকৰো। কিন্তু আমাৰ হাতত ৰোহিত আৰু জয়ছোৱাল আছে। বিৰাটো আছে।” আই পি এলত কোহলীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। আমাৰ হাতত সকলো বিকল্প আছে, আমি সাৱধানে সিদ্ধান্ত ল’ম।’
ইয়াৰ উপৰিও ৰাহুলে খেলপথাৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে, “পিটচখন যি ধৰণে খেলা হৈছে, ইয়াত কম স্ক’ৰ কৰা মেচ হ’ব পাৰে। ১৪০ৰ পৰা ১৫০ৰ লক্ষ্যও ইয়াত কঠিন হ’ব। আমি কোনো অভিযোগ নকৰো।” ‘পিটচ আৰু কি পোহৰলৈ আহিছে তাক চালে, ই কম স্ক’ৰ কৰা হ’ব।’
মন্তব্য
একে সময়তে ৰাহুল দ্ৰাবিড়েও কৈছে যে প্ৰশিক্ষক হিচাপে টি-২০ বিশ্বকাপ তেওঁৰ শেষ শৃংখলা, টি-২০ বিশ্বকাপৰ পিছত তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিব। আপোনালোকক কওঁ যে ২৯ জুনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ফাইনেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ