আজি ২৬ আগষ্ট ২০২৪ সোমবাৰে পালিত হয় কৃষ্ণ জন্মাষ্টমী৷ হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালিত হয়৷ ভগৱৎ পুৰাণসহ একাধিক পুৰাণত শ্ৰীকৃষ্ণৰ জন্ম কাহিনীৰ উল্লেখ পোৱা যায়৷ অষ্টমী তিথিৰ ৰোহিনী নক্ষত্ৰত মাজনিশা ধৰাধামত আবিৰ্ভাৱ হৈছিল শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণ৷ কিন্তু পৃথিৱীত আবিৰ্ভূত হোৱাৰ সময় হিচাপে কিয় মাজনিশাকেই তেওঁ বাচি লৈছিল? জানক প্ৰকৃত কাৰণ৷
বুধবাৰে ৰোহিনী নক্ষত্ৰত জন্ম
দ্বাপৰ যুগত কৃষ্ণই যেতিয়া জন্মলাভ কৰিছিল সেইদিনা আছিল বুধবাৰ আৰু ৰোহিনী নক্ষত্ৰ৷ ভাদ মাহৰ কৃষ্ণা অষ্টমীৰ মাজনিশা কৃষ্ণৰ জন্ম হয়৷ সেয়ে তেওঁ চন্দ্ৰবংশী৷ বুধক চন্দ্ৰৰ সন্তান বুলি কোৱা হয়৷ সেয়ে বুধবাৰৰ দিনটো জন্মৰ বাবে বাছি লৈছিল তেওঁ৷
কিয় এই দিনটো বাছি লৈছে শ্ৰীকৃষ্ণই?
ভাগৱৎ পুৰাণ অনুসৰি ৰোহিনী নক্ষত্ৰত জন্ম শ্ৰীকৃষ্ণৰ৷ ৰোহিনী হৈছে চন্দ্ৰদেৱৰ পত্নী৷ ইয়াৰ সৈতে অষ্টমী তিথি আদিশক্তিৰ প্ৰতীক৷ সেয়ে শ্ৰীকৃষ্ণ হৈছে শক্তি স্বৰূপ আৰু পৰমব্ৰহ্ম৷ তাৰমাজতেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ অৱস্থান৷
মাজনিশা কিয় জন্ম শ্ৰীকৃষ্ণৰ?
চন্দ্ৰবংশী কাৰণেই কৃষ্ণই মাজনিশা জন্ম লৈছিল৷ চন্দ্ৰই সমগ্ৰ বিশ্বক তাৰ কিৰণেৰে উজ্জ্বল কৰে৷ সেয়ে আকাশত চন্দ্ৰ উঠাৰ লগে লগেই জন্মাষ্টমীৰ উপবাস পালন কৰাৰ ৰীতি আছে৷ পৌৰাণিক কাহিনী অনুসৰি চন্দ্ৰদেৱে শ্ৰীবিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে বিষ্ণুৱে মৰ্ত্যত আবিৰ্ভূত হ’ব তেতিয়াই চন্দ্ৰই তেওঁক প্রথম দেখা পাব লাগিব৷ সেয়ে মাজনিশা চন্দ্ৰৰ পোহৰত শ্ৰীকৃষ্ণৰ জন্ম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ