প্ৰেমক অন্ধ বুলি কোৱা হয়৷ যৌৱন প্ৰাপ্তিৰ লগে লগে সাধাৰণতে সকলো মানুহৰ জীৱনত প্ৰেমৰ অনুভূতি জাগ্ৰত হয়৷ সেই অনুভূতি জাগ্ৰত হোৱাৰ লগে লগে সকলো মানুহে নিজৰ পচন্দৰ মতে সংগী সন্ধান কৰিবলৈ আৰম্ভ কৰে৷ আৰু এনেকৈয়ে মানুহৰ জীৱনলৈ প্ৰেম আহে৷ এয়া মানুহৰ জীৱনৰ নিতান্তই স্বাভাৱিক এক প্ৰক্ৰিয়া৷
মানুহৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজতে কিছুমান মানুহ পৰকীয়া প্ৰেমতো পৰা দেখা যায়৷ মধ্যবয়সত অৰ্থাৎ বিবাহিত জীৱনৰ পিছত বা বিশেষকৈ স্বামী অথবা পত্নী থকাৰ পিছতো কোনো লোকে তৃতীয় ব্যক্তিৰ সৈতেও প্ৰেমত পৰা দেখা যায়৷
আধুনিক ব্যস্ততাপূৰ্ণ জীৱন যাত্ৰা আৰু ইণ্টাৰনেটৰ প্ৰয়োভৰে এই মাত্ৰাক অধিক তৰান্বিত কৰা দেখা গৈছে৷
এক সমীক্ষাই দেখুওৱাইছে যে দীৰ্ঘস্থায়ী সম্পৰ্কৰ প্ৰতি মানুহৰ অসন্তুষ্টি ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে৷ যাৰফলত পৰকীয়া প্ৰেম বৃদ্ধি পাবলৈ ধৰিছে৷
সমীক্ষাৰ মতে মধ্য বয়সীয়া যিসকল মহিলাই পৰকীয়া প্ৰেমত লিপ্ত হয় তেওঁলোকে সাধাৰণতে কম বয়সীয়া পুৰুষক পচন্দ কৰে৷
তেনে মহিলাই নিজৰ হেৰুওৱা আত্ম বিশ্বাস পুনৰোদ্ধাৰৰ বা বৃদ্ধি কৰিবলৈ কম বয়সৰ পুৰুষৰ সৈতে পৰকীয়া সম্পৰ্ক স্থাপন কৰিবলৈ আগ্ৰহী হয়৷
কম বয়সীয়া পুৰুষৰ নিয়ন্ত্ৰণহীন উচ্ছ্বাসে এনে মহিলাসকলক সততে আকৰ্ষণ কৰে৷ কম বয়সীয়া পুৰুষৰ শাৰীৰিক গঠন আৰু ব্যক্তিত্বৰ প্ৰতিও আকৰ্ষিত হয় মধ্য বয়সীয়া মহিলাই৷
মধ্য বয়সীয়া পৰকীয়া প্ৰেমত পৰা মহিলাই কম বয়সীয়া পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে অধিক যৌন সুখ লাভ কৰে বুলিও সমীক্ষাই দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













