অসম লাইভ২৪ঃ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ পাৰস্পৰিক বুজাপৰাৰ লগতে শাৰীৰিক স্পৰ্শৰো প্ৰয়োজন। প্ৰেমৰ সৈতে যৌনতাৰ সম্পৰ্ক ওতপ্ৰোত। কিন্তু সাম্প্ৰতিক সময়ত প্ৰকাশ পোৱা এক সমীক্ষাত উল্লেখ থকা অনুসৰি বয়সৰ লগে লগে নাৰীৰ যৌন আকাংক্ষা কমি যায়। কম বয়সত থকা উত্তেজনা বয়সৰ সৈতে কমি আহে। দৈহিক চাহিদা বহুপৰিমানে কমি যায়।
সমীক্ষাত প্ৰকাশ পোৱামতে সম্পৰ্কৰ একোটাৰ আৰম্ভণিতে ভালপোৱাৰ সৈতে শৰীৰী উদযাপন যিমান অনুভূতিসম্পন্ন থাকে পাছলৈ বয়সৰ সৈতে সেয়া কমি আহে। সংগীৰ প্ৰতি দৈহিক টান কমকৈ অনুভৱ কৰিবলৈ লয় মহিলাগৰাকীয়ে। সমীক্ষাত পোৱা অনুসৰি ৫০ বছৰ পাৰ হ’লে মহিলা এগৰাকীৰ যৌনাকাংক্ষা কমি যায়। কম বয়সত থকাৰ দৰে উত্তেজনা তেতিয়া অনুভৱ কৰিব নোৱাৰে মহিলাগৰাকীয়ে। ইয়াৰ আঁৰৰ কাৰণ কি?
মহিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱ বন্ধ হোৱাৰ পাছত যৌনতাক লৈ আগ্ৰহ কমি যায়। বয়স ৫০ লৈ মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধ হৈ পৰে। ঋতুস্ৰাৱ বন্ধ হোৱাৰ পাছত সন্তানধাৰণৰ ক্ষমতাও নাথাকে। তেতিয়া শাৰীৰিক সম্পৰ্কক লৈয়ো মহিলাসকলৰ কোনোধৰণৰ চাহিদা নাথাকে।
সাংসৰিক নানান দায়িত্ব, সন্তানৰ সৈতে ব্যস্ততা, বাহিৰৰ কাৰ্যকলাপ এই সকলোবোৰ দায়িত্বৰ মাজতেই যৌনাকাংক্ষা সচৰাচৰ কমি যায়। ইয়াৰোপৰি শাৰীৰিক বাদেই মানসিকভাৱেও এই চাহিদা আহিবলৈ সময়ৰ অভাৱ ঘটে। সেয়ে শাৰীৰিক মিলনৰ ইচ্ছা একেবাৰেই নোহোৱা হৈ পৰে।
সাংসৰিক জীৱনত কেইবা দশক তেতিয়ালৈ পাৰ হয় গতিকে প্ৰায় সকলোবোৰেই একঘেয়ামী হৈ পৰে। সম্পৰ্কৰ আৰম্ভণিতে থকা আৱেগ, উত্তেজনা আৰু তেতিয়ালৈ নাথাকে, সেয়ে শৰীৰি মিলনতো তেতিয়া ক্লান্তিভাৱহে আহে।
বয়স বাঢ়িলে শৰীৰচৰ্চাৰ অভ্যাসতো যতি পৰে। শৰীৰৰ প্ৰতিটো পেশীয়েই স্থিতিস্থাপকতা হেৰুৱাই। শাৰীৰিক মিলনত কেৱল অনুভূতিয়েই নহয় শাৰীৰিকভাৱে ফিট থকাটোও অত্যন্ত প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ