সম্প্ৰতি মুম্বাই আদালতত চলি থকা এটা গোচৰক লৈ দেশজুৰি চলিছে চৰ্চা৷ ছচিয়েল মিডিয়াতো এই গোচৰক লৈ তীব্ৰ বিতৰ্ক চলিছে নেটিজেনৰ মাজত৷ কি এনে ঘটনা ঘটিল বোম্বে হাইকৰ্টত?
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২০১৭ চনৰ জুন মাহত বিয়া কৰাইছিল এই দম্পতিয়ে৷ বিবাহৰ মাত্ৰ ১৭ দিন তেওঁলোক দুয়ো একেলগে আছিল৷ ইয়াৰপাছতেই ২০১৭ চনৰ অক্টোবৰত, পত্নীয়ে হিন্দু বিবাহ আইনৰ অধীনত বিবাহ বাতিল কৰাৰ বাবে আদালতৰ ওচৰত এক আবেদন কৰে৷ তাতেই কাৰণ দৰ্শাই জনাইছে যে তেওঁৰ স্বামীৰ পুৰুষত্বহীনতাৰ কাৰণেই তেওঁৰ বিবাহ সফল নহল৷ তেওঁৰ স্বামীৰ ক্ষমতা অৰ্থাৎ তেওঁৰ যৌনতা আৰু পুৰুষত্ব পৰীক্ষা কৰাৰ বাবে এটা মেডিকেল পৰীক্ষা কৰাৰো অনুৰোধ কৰিছিল আদালতৰ ওচৰত৷
বোম্বে হাইকৰ্টে এই বিষয়ে কি ৰায় দিছে?
ছাতাৰা ছিভিল হাস্পতালত কোনো বিশেষজ্ঞ নাথাকিলে ২০১৯ চনৰ মে মাহত বিচাৰকে পুনেৰ চাছুন হাস্পতালত তেওঁৰ স্বামীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ নিৰ্দেশ দিয়ে৷ হাস্পতালখনত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ২০১৯ চনৰ আগষ্ট মাহত এক ৰিপৰ্ট জমা দিয়ে৷ ৰিপৰ্টত কোৱা হৈছে যে তেওঁলোকে এনে কোনো ৰিপৰ্ট পোৱা নাই৷ সেই ব্যক্তিৰ যৌন অক্ষমতাৰো কোনো প্ৰমাণ তেওঁলোকে পোৱা নাই৷ এই ৰিপৰ্টেই পাছত পাৰিবাৰিক আদালততো জমা দিয়া হয়৷ ইয়াৰ সৈতে চিকিৎসকৰ ৰিপৰ্ট অনুসৰি ২০২৩ চনৰ ডিচেম্বৰত এক প্ৰশ্ন কৰা হয়৷ ইয়াৰপাছতেই পত্নীয়ে ২০২৪ চনৰ ফেব্ৰুৱৰীত আকৌ স্বামীৰ পূৰ্ণাংগ শৰীৰৰ পৰীক্ষাৰ বাবে আবেদন কৰে৷
পাৰিবাৰিক আদালতেও সেয়া গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত স্বানীয়ে সেই আদালতক চেলেঞ্জ কৰি হাইকৰ্টৰ কাষ চাপে স্বামী৷ হাইকৰ্টে সেই গোচৰত জনাই যে সেই মহিলাৰ স্বামীক কেইবাজনো বিশেষজ্ঞই পৰীক্ষা কৰিছে৷ ইমান বছৰৰ পাছত পুৰুষত্ব পৰীক্ষা কৰোৱা ঠিক নহব কাৰণ এয়া সৰ্বতোভাৱে স্বীকৃত যে বয়সৰ সৈতে ব্যক্তিৰ যৌন আচৰণ পৰিবৰ্তিত হয়৷ বয়সৰ কাৰমে তেওঁৰ যৌন ক্ৰিয়া বৰ্তমান ধীৰ আৰু কম তীব্ৰ হৈ পৰিব পাৰে৷ অৰ্থাৎ এইক্ষেত্ৰত তেওঁৰ বয়স বৃদ্ধিয়ে মেডিকেল পৰীক্ষাক প্ৰভাৱিত কৰিব পাৰে বুলি ৰায় দিয়ে আদালতে৷
হাইকৰ্টে জনাই যে বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ পৰিবৰ্তন হয়৷ সেয়ে সঠিক পৰীক্ষাৰ ফলাফল দিব নোৱাৰি৷ ন্যায়াধীশ মাধৱ জামদাৰে এই গোচৰত তেওঁৰ মন্তব্য স্পষ্টকৈ জনাইছে যে, ২০১৭ চনত স্বামী পুৰুষত্বহীন নে আন কিবা সেয়া নিৰ্ধাৰণৰ বাবে ৮ বছৰ পাছত মেডিকেল পৰীক্ষাৰ অনুমতি দিয়াটো কোনোমতেই সঠিক আৰু আইনসংগত নহয়৷’ ৮বছৰীয়া বৈবাহিক সংসাৰৰ পাছত বম্বে হাইকৰ্টে পুৰুষত্ব পৰীক্ষা কৰাটোত সন্মতি নিদিয়ে৷ হাইকৰ্টে এই বিতৰ্কিত গোচৰত পাৰিবাৰিক আদালতেও সিদ্ধান্ত বাতিল কৰি দিয়ে৷ পত্নীৰ আবেদন মঞ্জুৰ কৰি পাৰিবাৰিক আদালতে যি আদেশ দিছিল সেয়াও বাতিল কৰিছে হাইকৰ্টে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ