মহিলাই কৰিলে মহিলাৰ সৈতে নিকৃষ্ট কাণ্ড, চুবুৰীয়াক ঘৰলৈ মাতি নি স্বামীৰ হতুৱাই কৰালে এই কাম, নিজে বনাই থাকিল ভিডিঅ’
এইখন ভাৰতৰে এক ঘটনাই লজ্জানত কৰিলে সমাজক। এগৰাকী মহিলাই কৰিলে মহিলাৰ সৈতে অতিকে নিকৃষ্টি কাণ্ড। তাকো ঘৰৰ ওচৰৰে এগৰাকী মহিলাৰ সৈতে এনে কাম কৰিলে যে, জীৱন ধ্বংস হৈ পৰিল মহিলা এগৰাকীৰ।
উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক ঘটনা। এহাল দম্পতীৰ এই অদ্ভুত কাণ্ড পোহৰলৈ অহাৰ পিছতে সমাজ লজ্জানত হৈ পৰিছে। দুয়োজনে স্বামী-স্ত্ৰীৰ সম্পৰ্কক একাষৰীয়া কৰি সমাজৰ আগত এনে এক পবিত্ৰ সম্পৰ্কক কলংকিত কৰিছে।
এয়া জাৌনপুৰ জিলাৰ জালালপুৰ থানা এলেকাৰ কাহিনী, যত এক অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পত্নীয়ে নিজৰ সমুখতে স্বামীৰ হতুৱাই ঘৰৰ ওচৰৰে এগৰাকী মহিলাক ধৰ্ষণ কৰিবলৈ দি নিজে আনন্দত ভিডিঅ’ বনাই থাকে।
বৰ্তমানে প্ৰায় ছমাহ পুৰণি সেই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে দম্পতীহালে ঘৰৰ ওচৰৰে মহিলাগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰে। অৱশেষত মহিলাগৰাকীয়ে অতিষ্ট হৈ আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। দুয়োৰে পৰা জলালপুৰ আৰক্ষীয়ে দুটা মোবাইল ফোন উদ্ধাৰ কৰে।
এই গোচৰৰ তথ্য দি জলালপুৰৰ এছ পি চিটিয়ে কয় যে জালালপুৰৰ ভুক্তভোগী মহিলাগৰাকীয়ে ঘৰৰ ওচৰৰে এঘৰত গৈছিল, তাতেই তেঁওক সেই ঘৰৰ মহিলাগৰাকীয়ে প্ৰলোভিত কৰি মদ্যপান কৰাইছিল আৰু স্বামীৰ হতুৱাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰাই ভিডিঅ’ বনাইছিল। অন্যৰ আগত এই ঘটনা প্ৰকাশ কৰিলে সমগ্ৰ পৰিয়ালটোক মৃত্যুৰ ভাবুকি দিছিল। লগতে অভিযুক্তই ভিডিঅ’ ভাইৰেল কৰাৰো ভাবুকি দিছিল। বৰ্তমানে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















