এক চাঞ্চল্যৰ হত্যাকাণ্ডই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ জালাউন জিলা৷ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ এগৰাকী পত্নীয়ে স্বামীক কুঠাৰে ঘপিয়াই হত্যা কৰি আৰক্ষী থানাত অত্মসমৰ্পণ কৰে৷
প্ৰকাশিত খবৰ মতে যোৱা দেওবাৰে এই ৰোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হয়৷
ঘটনাৰ বিৱৰণীৰ মতে স্বামীয়ে প্ৰায়ে পত্নীক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল৷ ঘটনাৰ নিশাও স্বামীয়ে মদ্যপান কৰি আহি পত্নীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে৷
লগতে পঢ়ক এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ
স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ যোৱা দেওবাৰে শেষ নিশা পত্নীয়ে কুঠাৰেৰে স্বামীক ঘপিয়াই হত্যা কৰি আৰক্ষী থানাত উপস্থিত হৈ স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰি আত্মসৰ্মপণ কৰে৷
ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৃত লোকজন হৈছে জিলাখনৰ কোতৱালি অঞ্চলৰ মহল্লা উমৰা খেদাৰৰ বাসিন্দা সন্দীপ (৩০)৷
লগতে পঢ়ক ‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’
আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনে সদায়ে মদ্যপান কৰি আহি ৰাতি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছিল৷
ঘটনাৰ দিনা পত্নীৰ ধৈৰ্যচ্যুতি ঘটাত ঘৰত থকা কুঠাৰখনেৰে স্বামীক আক্ৰমণ কৰাৰ ফলতে স্বামীৰ মৃত্যু হয়৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত পত্নীগৰাকীক জিম্মাত লৈ ঘটনাৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ