• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

4 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

1 hour ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

1 hour ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

2 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

2 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

4 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

6 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

6 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

7 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

8 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

9 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

editor by editor
August 1, 2022
in বিবিধ, ভাৰত
0
এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বগুৰু ভাৰত! ডিজিটেল ভাৰত! বিকশিত ভাৰত! সব কা সাথ সবকা বিকাশ! দুৰন্ত দুৰ্দান্ত গতিৰে বিকশিত ভাৰত! কি অবিধা আৰু শ্লোগানেৰে ভাৰত আকাশ বতাহ নিনাদিত নহয়! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সমস্বৰেৰে এইবোৰ শ্লোগান আৰু অবিধা আওৰাই দেশৰ আকাশ বতাহ কঁপাই আহিছে দেশৰ জনতাৰ লগতে গৰিষ্ঠসংখ্যক সংবাদ মাধ্যমে৷

কিন্তু সঁচাই ভাৰত বিশ্বগুৰু হয় নে? সঁচাই ভাৰতৰ সবকা সাথ সব কা বিকাশ হৈছে নে? দেশৰ সাধাৰণ জনতাই ভুগি থকা দুৰ্ভোগবোৰে কি সূচায়? দেশৰ সাধাৰণ জনতাই ভুগি অহা দুৰ্ভোগবোৰেই এই শ্লোগানবোৰ, অবিধাবোৰ আন্তঃসাৰশূন্যতাকেই অহৰহ প্ৰতিপন্ন কৰি আহিছে৷

এই কথাকে সত্য বুলি প্ৰমাণ কৰি মধ্যপ্ৰদেশৰ এটা অতি শোকাৱহ আৰু কৰণ ঘটনাই৷ সোমবাৰে মধ্যপ্ৰদেশৰ শ্বাহদলৰ পৰা এক হৃদয় বিদাৰক ঘটনা সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷

 

লগতে পঢ়ক গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

দুই  দুৰ্ভগীয়া পুত্ৰই চিকিৎসালয়ত মৃত্যু ঘটা মাতৃৰ মৃতদেহটো বাইকতে তক্তাৰ ওপৰত পথালিকৈ বান্ধি ঘৰলৈ লৈ যোৱাৰ দৰে অতি কৰুণ ঘটনা সংঘটিত এইখন বিশ্বগুৰু ভাৰতবৰ্ষতে৷ মধ্যপ্ৰদেশৰ শ্বাহদল জিলা চিকিৎসা মহাবিদ্যালয়ৰ গাফিলতিৰ বাবে মানৱতাক লজ্জানত কৰা এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে।

চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন অৱস্থাত এগৰাকী মাতৃৰ মৃত্যুৰ পিছতে দুই পুত্ৰই মাতৃৰ মৃতদেহ ঘৰলৈ নিবলৈ বিচাৰি বিচাৰিও এখন এম্বুলেন্স যোগাৰ কৰিবলৈ সক্ষম নহ’ল৷ অৰ্থাৎ চিকিৎসা মহাবিদ্যালয়খনে এখন এম্বুলেন্স যোগাৰ দিব নোৱাৰিলে৷

ইফালে ব্যক্তিগত এম্বুলেন্সে মৃতদেহটোৰ কঢ়িওৱাৰ বাবদ ৫ হাজাৰ টকা বিচাৰিছিল। কিন্তু দৰিদ্ৰ পৰিয়ালটোৱে ৫ হাজাৰ টকা দি মাতৃৰ মৃতদেহটো ঘৰলৈ নিবলৈ হাতত ধন নাছিল৷

 

#Mp #शहडोल से दिल को झकझोर देने वाली तस्वीर सामने आई है. जिले के मेडिकल कॉलेज की लापरवाही से मानवता शर्मसार हुई. यहां एक मां की मौत पर बेटों को जब शव वाहन नहीं मिला, तो वह उनके शव को लकड़ी से बांधकर बाइक पर ले गए. उन्होंने इस हालत में मां के शव के साथ करीब 80 किमी का सफर किया. pic.twitter.com/r1khSBHZXN

— vikas singh Chauhan (@vikassingh218) August 1, 2022

 

লগতে পঢ়ক সাগৰৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ ৰহস্যময় জীৱ, দেখি স্তম্ভিত বিজ্ঞানীসমাজ!

অৱশেষত উপায়ন্তৰ হৈ পুত্ৰদ্বয়ে মৃতদেহটো বাইকত  তক্তাৰ ওপৰত বান্ধি  ঘৰলৈ লৈ যায়। জানিব পৰা মতে মাতৃৰ মৃতদেহটো লৈ এইদৰেই প্ৰায় ৮০ কিলোমিটাৰ যাত্ৰা কৰিছিল দুই পুত্ৰই। ইতিমধ্যে সামাজিক মাধ্যমত এই দৃশ্যটো ভাইৰেল হৈ পৰিছে৷ এই ঘটনাক লৈ মানুহে বিভিন্ন ধৰণে মন্তব্য কৰি আছে।

প্ৰকাশিত তথ্য অনুসৰি মৃত লোকগৰাকী অনুপপুৰৰ গোদাৰু গাঁৱৰ বাসিন্দা জয়মন্ত্ৰী যাদৱ। বুকুৰ বিষৰ বাবে পুত্ৰ সুন্দৰ যাদৱে তেওঁক শ্বাহদলৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে। তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত চিকিৎসকে জয়মন্ত্রীক মেডিকেল কলেজলৈ ৰেফাৰ কৰে।

চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত দেওবাৰে নিশা তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছতে সুন্দৰে জিলা চিকিৎসালয়খনৰ নাৰ্ছসকলে চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি মাতৃগৰাকীৰ মৃত্যুৰ বাবে মেডিকেল হাস্পতালৰ কৰ্তৃপক্ষক জগৰীয়া কৰে।

 

লগতে পঢ়ক সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

ইফালে মাতৃৰ মৃত্যুৰ পিছত পুত্ৰসকলে কৰ্তৃপক্ষক মৃতদেহটো লৈ যাবলৈ এম্বুলেন্সৰ বাবে অনুৰোধ কৰে যদি কৰ্তৃপক্ষই কোনো ব্যৱস্থা কৰি নিদিলে৷  ৫ হাজাৰ টকা দি ব্যক্তিগত এম্বুলেন্সেৰে মৃতদহেটো ঘৰলৈ নিবলৈও তেওঁলোকৰ ধন নাছিল৷ উপায়ন্তৰ হৈ ১০০ টকাত এচটা তক্তা ক্ৰয় কৰি সেই তক্তাতেই মাতৃৰ মৃতদেহটো শোৱাই দুই পুত্ৰই বাইকত বান্ধি ৮০ কিলোমিটাৰ যাত্ৰা কৰি নিজ ঘৰলৈ লৈ যায়৷

কোনো লোকে এই সমগ্ৰ দৃশ্যটো মোবাইলৰ কেমেৰাত ফ’টো আৰু ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল। ইয়াৰ পিছতে ই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। নেট-নাগৰিকে বিভিন্ন বিভিন্ন ধৰণে মন্তব্য কৰাৰ লগতে স্বাস্থ্য বিভাগৰ গাফিলতিৰ অভিযোগ তুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰমূলক ব্যৱস্থা লোৱাৰ দাবী জনাইছে। আনকি এই ঘটনাটোৰ বাবে বহু নেট-নাগৰিকে চৰকাৰী ব্যৱস্থাকো তীব্ৰভাষাৰে সমালোচনা কৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
Next Post
গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

পত্নীক সদায় নিশা নিশা অত্যাচাৰ স্বামীৰ! স্বামীক কুঠাৰেৰ ঘপিয়াই থানা পালাগৈ পত্নী

পত্নীক সদায় নিশা নিশা অত্যাচাৰ স্বামীৰ! স্বামীক কুঠাৰেৰ ঘপিয়াই থানা পালাগৈ পত্নী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.