ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ একেৰাহে সপ্তম দিন ধৰি অব্যাহত আছে৷ এই যুদ্ধৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে ৰাছিয়াৰ সৈতে থকা ভাৰতৰ প্ৰতিৰক্ষা চুক্তিত ইয়াৰ কিবা প্ৰভাৱিত কৰিব নেকি! পশ্চিমৰ লগতে বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ ওপৰত আৰোপ কৰা কেইবাটাও অৰ্থনৈতিক নিষেধাজ্ঞাৰ পৰিপ্ৰক্ষিতত এছ-400 এয়াৰ ডিফেন্স ছিষ্টেম ভাৰতে লাভ কৰাত কিবা প্ৰভাৱ পৰিব নেকি?
এই প্ৰশ্নবোৰ উত্থাপন হোৱাৰ সময়তে ৰুছ ৰাষ্ট্ৰদূতে এই সংক্ৰান্তত ৰাছিয়াৰ স্থিতিৰ সদৰী কৰিছে৷ ৰাছিয়ান কূটনীতিবিদজনে এই সম্পৰ্কে কয় যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ভাৰতৰ সৈতে থকা ৰাছিয়াৰ প্ৰতিৰক্ষা চুক্তিত কোনো প্ৰভাৱ নেপেলায়৷
লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!
ভাৰতস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে সংবাদ মাধ্যমক কয় যে ভাৰতলৈ এছ-400 এয়াৰ ডিফেন্স ছিষ্টেম যোগান ধৰাত কোনো বাধা আহি নপৰে। তেওঁ লগেত কয় যে এই চুক্তি অব্যাহত ৰখাৰ বাবে ৰাছিয়াৰ ওচৰত বিশেষ ব্যৱস্থা আছে৷
‘‘ৰাছিয়া সদায় ছাইৰ পৰা থিয় হৈ আহিছে আৰু ইয়াৰ পুনৰ উত্থান হ’ব। আমি ইয়াক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিবলৈ পদক্ষেপ লৈছো। আমাৰ অৰ্থনীতি শীঘ্ৰেই পুনৰোত্থান ঘটিব।’’ ভাৰতস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰদূতজনে লগতে কয়৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?
উল্লেখ্য যে ভাৰতে চুক্তি অনুসৰি ৰাছিয়াৰ পৰা ইতিমধ্যে এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ প্ৰথম পৰ্যায়ৰ যুদ্ধাস্ত্ৰ লাভ কৰিছে৷ কিন্তু এতিয়াও ভাৰতে ৰাছিয়াৰ পৰা অন্য ৪ টা যুদ্ধাস্ত্ৰ লাভ কৰিবলৈ বাকী আছে৷
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ভাৰতে লাভ কৰিব লগীয়া এই চাৰিটা এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ যুদ্ধাস্ত্ৰ লাভ কৰাত জটিলতাৰ সৃষ্টি হ’ব বুলি ধাৰণা কৰা হৈছে৷
লগতে পঢ়ক তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি
ইফালে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছতে বিশ্ব অৰ্থনীতি বিৰূপ প্ৰভাৱ পৰিছে৷ আনকি বিশ্বৰ বজাৰ অৰ্থনীতিৰ প্ৰতিও একপ্ৰকাৰৰ ভাবুকিয়েই সৃষ্টি হৈছে৷
যুদ্ধৰ ফলত বহু দেশৰ মুদ্ৰাৰ মূল্য নিম্নগামী হৈছে৷ ইউক্ৰেইন আক্ৰমণৰ ফলত ইউৰোপতকৈ এছিয়াই সৰ্বাধিক মূল্য ভৰিবলগীয়া হ’ব বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ কাৰণ এছিয়াৰ দেশসমূহ ইউৰোপৰ দেশসমূহৰ ওপৰত সদানিৰ্ভৰশীল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ