• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

12 months ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

34 seconds ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

10 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

23 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

43 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন

editor by editor
April 18, 2025 - Updated on April 19, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
যুদ্ধ চলিবলৈ এডাল্ট ভিডিঅ’ৰ পৰা কৰ সংগ্ৰহ! আইন সলোৱাৰ পথত ইউক্ৰেইন
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰবাদ আছে, ‘এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ’৷ সেয়ে এইবাৰ যুদ্ধৰ বাবে টকা যোগান হ’ব পৰ্ণগ্ৰাফীৰ পৰা৷ সেই পথেৰেই যাত্ৰা আৰম্ভ কৰিছে এতিয়া ইউক্ৰেইনে৷ ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা ৰুছ আগ্ৰাসনৰ মোকাবিলাত লাগি আছে ভোলোডিমিৰ জেলেনস্কিৰ দেশ৷ তেওঁলোকৰ প্ৰতিৰক্ষাৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ বাঢ়িছে অৰ্থনৈতিক চাপ৷ এই অৱস্থাত সেই দেশৰ সাংসদসকলৰ একাংশই কৈছে যে প্ৰাপ্তবয়স্কৰ বিষয়বস্তুৰ ওপৰত মোটা কৰ আৰোপ কৰিলে যুদ্ধৰ বাবে প্ৰয়োজনীয় ৰাজহ লাভ কৰিবলৈ সক্ষম হ’ব ইউক্ৰেইনে৷

সেয়ে এইবাৰ প্ৰণগ্ৰাফীক অপৰাধৰ তালিকাৰ পৰা কাটি দিয়াৰ কথাও চৰ্চা কৰিছে কিয়েভে৷ ইউক্ৰেইনৰ সাংসদ তথা সংসদৰ অৰ্থ কমিটিৰ ডেপুটি চেয়াৰমেন ইয়াৰোস্লাভ ঝেলেজনিয়াকৰ নেতৃত্বত পৰ্ণগ্ৰাফিক ফৌজাদাৰী অপৰাধৰ তালিকাতৰ পৰা বাহিৰ কৰিবলৈ এখন আইন অনাৰ কথাও চিন্তা চৰ্চা কৰিছে৷

https://www.nytimes.com/2025/04/14/world/europe/ukraine-pornography-onlyfans.html

বৰ্তমান ইউক্ৰেইনীয় আইন পৰ্ণগ্ৰাফিক সামগ্ৰী তৈয়াৰৰ বিতৰণ আৰু সংগ্ৰহত ৰখা সকলোবোৰেই অবৈধ৷ এই কাম কৰিলে ইউক্ৰেইনত তিনিৰ পৰা পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ডও হ’ব পাৰে৷ বহু সমালোচকৰ মতে, এই আইন বৰ্তমান সময়ৰ বাস্তৱতাৰ সৈতে নৈতিক আৰু আৰ্থিক দুই দিশৰ পৰাই সামঞ্জস্যপূৰ্ণ নহয়৷ এই আইন বহু ইউৰোপীয় দেশ, আমেৰিকা আনকি ৰাছিয়াৰ তুলনাতো কঠোৰ বুলি তেওঁলোকৰ মত৷

অথচ ইউক্ৰেইনীয় কৰ কৰ্তৃপক্ষই OnlyFans-ৰ দৰে প্লেটফৰ্মত থকা প্ৰাপ্তবয়স্কৰ কণ্টেণ্ট নিৰ্মাতাসকলৰ পৰা ৰাজহ আদায় কৰে৷ স্বাভাৱিকভাৱেই এই আইন আৰু চৰকাৰী অনুশীলনৰ মাজত দ্বন্দ্বও তৈয়াৰ হৈছে৷ ঝেলেজনিয়াকে সেয়ে এই দ্বন্দ্বৰেই অৱসান বিচাৰিছে৷ তেওঁ কয়, ‘এয়া অযৌক্তিক, বিশেষকৈ এক পূৰ্ণাংগ যুদ্ধৰ মাজত৷ বৰ্তমান বহু কণ্টেণ্ট নিৰ্মাতাই এনে কণ্টেণ্টৰ বাবে কৰ দিছে৷ যাৰ বাবে তেওঁলোক ৰাষ্ট্ৰৰ চকুত অপৰাধী৷ এই পৰিস্থিতিয়ে আইনী ধাৰাবাহিকতাক দুৰ্বল কৰি দিয়াই নহয় দুৰ্নীতিকো উচটনি দিয়ে৷’

ইউক্ৰেইনীয় সংসদৰ অৰ্থ, কৰ আৰু শুল্ক নীতি সংক্ৰান্তিয় কমিটিৰ প্ৰধান ডেনিলো হেটমানতছেভে জনাইছে যে শ শ প্ৰাপ্তবয়স্ত কণ্টেণ্ট নিৰ্মাতাই উল্লেখযোগ্য পৰিমাণে এই ধৰণৰ ভিডিঅৰ পৰাই আয় কৰে৷ এগৰাকী কণ্টেণ্ট নিৰ্মাতাই আকৌ জনাইছে যে OnlyFans-ৰ মাধ্যমেৰে তেওঁ ৪০ লাখ ডলাৰ আয় কৰিছে৷ কোনোৱে জনাইছে তেওঁৰ আয় ৩০ লাখ ডলাৰতকৈ কম নহয়৷ এই কামৰ পৰা কৰ সংগ্ৰহ নকৰিলে বিপুল পৰিমানৰ ৰাজহৰ পৰা বঞ্চিত হ’ব ইউক্ৰেইন৷

খবৰ অনুসৰি প্ৰাপ্তবয়স্কৰ কণ্টেণ্ট নিৰ্মাতাসকলৰ পৰা কৰ সংগ্ৰহ ইতিমধ্যেই ইউক্ৰেইনৰ যুদ্ধকালীন বাজেটো পূৰণ হোৱাত সহায়ক হৈছে৷ ২০২৪ চনৰ শেষ দিশত এই ধৰণৰ ৩৫০ জন নিৰ্মাতাৰ পৰা প্ৰায় ১৬ লাখ ডলাৰ কৰ সংগ্ৰহ কৰা হৈছে৷ অথচ এই ধৰণৰ কণ্টেণ্ট তৈয়াৰৰ বাবেই আকৌ তেওঁলোকক কাৰাদণ্ড দিয়াৰ কথাও কোৱা হয়৷

২০২৪ চনৰ নৱেম্বৰত পৰ্ণগ্ৰাফীক অপৰাধমুক্ত কৰাৰ বাবে এখন খচৰা আইন পেছ কৰিছিল ঝেলেজনিয়াকে৷ তেওঁ জনাইছিল, যাতে প্ৰাপ্তবয়স্কসকলৰ অন্তৰংগ ভিডিঅ তৈয়াৰ আৰু বিতৰণৰ বাবে তিনিৰ পৰা পাঁচ বছৰ কোনোৱে কাৰাবাস খাটিব নালাগে তাৰবাবে আইন সংশোধন কৰিব লাগে৷ এই বিলক সমৰ্থন জনাইছিল হেটমানতছেভেও৷ তেওঁলোকৰ মত, ‘যুদ্ধৰ সময়ত দেশৰ বাবে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ৷ অৰ্থ আৰু সহায়ৰ বাবে তেওঁলোকৰ দায়িত্বশীল অৱস্থান আৰু অৱদানৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞহে হ’ব লাগে৷ সমাজে এফালে নৈতিকভাৱে নিন্দা কৰিব অন্যহাতে সেনাবাহিনীৰ বাবে অৰ্থ গ্ৰহণো প্ৰাপ্তবয়স্কৰ ছবি নিৰ্মাতাৰ পৰাই সংগ্ৰহ কৰিব৷ এই ভণ্ডামী বন্ধ হোৱাটো খুবেই প্ৰয়োজন৷

ইউক্ৰেইনৰ প্ৰায়সংখ্যক বিশ্লেষকৰ মত যে প্ৰাপ্তবয়স্কৰ বিষয়বস্তুক অপৰাধমুক্ত ঘোষণা কৰিলে বাৰ্ষিক অতিৰিক্ত ১ কোটি ২৩ লাখ ডলাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব কিয়েভে৷ যাৰ পৰা ২৪,০০০ ফাৰ্ষ্ট পাৰ্ছন ভিউ ড্ৰোন ক্ৰয় কৰাও সম্ভৱ হ’ব৷ অথচ ২০২৪ চনৰ ইউক্ৰেইনীয় আইনৰ ফৌজদাৰি বিধিৰ ৩০১ নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰায় ১৪০০ টা গোচৰ ৰুজু হৈছে৷ এই সন্দৰ্ভত বিশ্লেষকৰ মত যে এই যুদ্ধৰ সময়ত ৰাষ্ট্ৰীয় সম্পদৰ ভুল বণ্টন৷ প্ৰাপ্তবয়স্কৰ ছবিক লৈ তৈয়াৰ হোৱা বিলক সমৰ্থন কৰা আৰু নকৰা দুটা ভাগত বিভক্ত হৈছে সেই দেশৰ সাংসদসকল৷ ইউক্ৰেইনৰ আৰক্ষী প্ৰধানে এই সন্দৰ্ভত মত প্ৰকাশ কৰি জনাইছে যে পৰ্ণগ্ৰাফীক আইনে সমৰ্থন কৰিলে নৈতিক মূল্যবোধ নষ্ট হৈ পৰিব৷ ইউক্ৰেইনীয় সমাজৰ এটা অংশই তেওঁৰ মতক সমৰ্থন জনাইছে৷ এই সন্দৰ্ভত ঝেলেজনিয়াকে কৈছে যে সংসদত বিলখন পাছ কৰাৰ বাবে ২২৬ টা ভোটৰ প্ৰয়োজন৷ ইতিমধ্যেই ২১০ টা ভোট পোৱাটো কিন্তু নিশ্চিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
Next Post
আকৌ তালিবানী ফতোৱা,  চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

আকৌ তালিবানী ফতোৱা, চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.