ব্ৰাজিলৰ এগৰাকী গায়িকাৰ সৈতে এক দুৰ্ভাগ্য আৰু আমোদজনক ঘটনা ঘটিছে৷ ব্ৰাজিলৰ ২৭ বৰ্ষীয় গায়িকা ভিভাইন ডি কুয়েৰ’জ পেৰিয়েৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যে প্ৰেমিকৰ এক বিশেষ চৰ্তৰ বাবে তেওঁ এক অনাহূত সমস্যাৰ সন্মুখীন হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়৷
প’কাহ নামেৰে পৰিচিত গায়িকাগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ প্ৰেমিকে তেওঁক পায়ুদ্বাৰে বায়ু নিষ্কাশন কৰিবলৈ(পাদ) নিষিদ্ধ কৰাৰ বাবে তীব্ৰ পেটৰ বিষত আক্ৰান্ত হয়৷ অৰ্থাৎ পাদিব নোৱাৰি তেওঁৰ পেটত গেছ আৱদ্ধ হৈ পৰাত প্ৰচণ্ড পেটৰ বিষত ভোগে আৰু চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়৷
লগতে পঢ়ক স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী
গায়িকাগৰাকীয়ে ইনষ্টাগ্ৰামত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাৰ ফ’টো শ্বেয়াৰ কৰি নিজেই সেই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে গায়িকাগৰাকীৰ ইনষ্টাগ্ৰামত ১৫.৭ মিলিয়ন অনুৰাগী আছে৷
‘‘প্ৰচণ্ড পেটৰ বিষৰ বাবে মই পুৱা ৫.৩০ বজাতে উঠিলো আৰু চিকিৎসালয়ত এই বিষ ভাল হৈছে৷’’ নিজৰ ইণষ্টাগ্ৰাম পোষ্টত এইদৰে লিখিছে গায়িকাগৰাকীয়ে৷
লগতে পঢ়ক মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা
এতিয়া অনুৰাগীৰ বাবে গান গাবলৈ সক্ষম বুলি কৈ তেওঁ লগতে লিখিছে, ‘‘কিন্তু, বন্ধুসকল, পাইপেৰে গেছ নিষ্কাশন কৰাৰ পিছত মই এতিয়া সম্পূৰ্ণ সুস্থ৷’’
ইয়াৰ পিছতে ব্ৰাজিলিয়ান গায়িকাগৰাকীয়ে তেওঁৰ যুৱতী অনুৰাগীসকলক পৰামৰ্শ প্ৰদানো কৰিছে৷ তেওঁ কয় যে যুৱতীসকলে নিজৰ প্ৰেমিকৰ আগত লাজতো পাদিবলৈ বন্ধ কৰিব নালাগে৷ ‘‘লাজতে হওক বা অন্য কাৰণত পদা বন্ধ কৰি কেতিয়াও তোমালোকে শুই নাথাকিবা, নহ’লে তোমালোকেও চিকিৎসালয়ত ভৰ্তি হৈ এইদৰে বায়ু নিষ্কাশন কৰিবলগীয়া হ’ব৷’’
লগতে পঢ়ক চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ৰ কুইমাড’ছত জন্ম লাভ কৰা ভিভাইন ডি কুয়েৰ’জ পেৰিয়েৰাই ২০১২ চনত এমচি প’চাহ’ন্টাছৰ ‘মুল্হাৰ ড’ প’ডাৰ’ শীৰ্ষক গীতেৰে সংগীত জগতত প্ৰৱেশ কৰিছিল৷ ইয়াৰ পিছত ২০১৯ চনত প’কাহ নাম লৈ ৱাৰ্ণাৰ মিউজিক গ্ৰুপৰ সৈতে চুক্তিৱদ্ধ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















