বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তিৰ উপস্থিতিয়ে প্ৰায়ে সংসাৰ আৰু সম্পৰ্কত আউল লগায়৷ আনকি তৃতীয় ব্যক্তিৰ আবিৰ্ভাৱৰ বাবেই বহু সংসাৰ ভাঙি চুৰমাৰ হয়, সম্পৰ্কৰো বিচ্ছেদ ঘটে৷ যিটো বৰ্তমান সময়ত স্বাভাৱিক ঘটনাৰ দৰেই হৈছে৷
তেনে সময়তে এগৰাকী পত্নীয়ে স্বামীৰ বাবে তিনিগৰাকীকৈ যুৱতী বিচাৰি বিজ্ঞাপন দি চৰ্চালৈ আহিছে৷ ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি থাইলেণ্ডৰ পত্নীগৰাকীৰ নাম হৈছে পাথিমা৷
পত্নী পাথিমাই নিজৰ চ’ছিয়েল মিডিয়াৰ একাউণ্টত নিজৰ স্বামীৰ বাবে তিনিগৰাকী যুৱতী বিচাৰি বিজ্ঞাপন দিছে৷ পত্নী পাথিমাই কেনেধৰণৰ যুৱতীক অগ্ৰাধিকাৰ দয়া হ’ব সেয়া সবিশেষ প্ৰকাশ কৰিছে৷
লগতে পঢ়ক অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ
প্ৰকৃতে মহিলাগৰাকী বহুতো ৰোগত আক্ৰান্ত হৈ আছে৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেওঁ স্বামীৰ যতন ল’ব পৰা নাই৷ ‘মই মোৰ স্বামীক সম্পূৰ্ণ স্বাধীনতা দিছো আৰু মই তেওঁক এই ক্ষেত্ৰত সহায় কৰি আছো৷ মই স্বামীৰ বাবে এনে যুৱতী বিচাৰিছো যিয়ে মোৰ স্বামীক সুখী কৰি ৰাখিব পাৰে আৰু তেওঁৰ কামতো সহায় কৰিব পাৰে৷ ইয়াৰ বিনিময়ত তেওঁলোকক মাহিলী টকাও দিয়া হ’ব৷’’
সামাজিক মাধ্যমত প্ৰকাশ পোৱা বিজ্ঞাপনটোত মহিলাগৰাকীয়ে কৈছে যে ইয়াৰ বাবে আবেদন কৰা মহিলাসকলৰ এইচ আই ভি পৰীক্ষা কৰাটো প্ৰয়োজনীয় হ’ব। তেওঁলোকৰ বয়স ৩০-৩৫ বছৰৰ ভিতৰত হ’ব লাগে আৰু হাইস্কুল বা স্নাতক ডিগ্ৰী থাকিব লাগে।
যুৱতীসকলৰ খাদ্যও বিনামূলীয়া দিয়া হ’ব। ইতিমধ্যে মহিলাগৰাকীয়ে তিনিজনী যুৱতীৰ ভিতৰত এগৰাকী যুৱতী লাভ কৰা বুলিও প্ৰকাশ পাইছে৷ ছ’চিয়েল মিডিয়াত এই বিজ্ঞাপনটো ভাইৰেল হোৱাৰ পিছতে নেটনাগৰিকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ