অসম লাইভ২৪ঃ প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক৷ এটা বিশেষ প’ষ্ট আৰু এগৰাকী তৰুণী এতিয়া বিশ্বজুৰি ভাইৰেল৷ ২৩ বছৰীয়া ভেৰা ডিজকমেনছে কৰিছে এই বিশেষ প’ষ্ট৷ পোনপ্রথমবাৰৰ বাবে তেওঁ প্ৰেমত পৰিবলৈ ইচ্ছা কৰিছে৷ পূৰ্বে ভেৰা কাহানিও প্ৰেমত পৰা নাই বুলিও প’ষ্টটোত উল্লেখ কৰিছে ভেৰাই৷ ভেৰা নেদাৰলেণ্ডৰ বাসিন্দা৷
নেদাৰলেণ্ডৰ সুন্দৰী ভেৰাৰ এই প’ষ্ট দেখাৰ লগে লগে হাজাৰ হাজাৰ আৱেদন পত্ৰ পৰিছে ভেৰাৰ ইনবক্সত৷ নেদাৰলেণ্ডৰ ছচিয়েল মিডিয়া ইউজাৰকাৰীসকলৰ মাজত ভেৰা বিশেষভাৱে পৰিচিত৷ সামাজিকমাধ্যমত ভেৰাই এই প’ষ্ট কৰাৰ লগে লগে অনুৰাগীসকলৰ সৈতে কেইখনমান বিশেষ আৱেদন পত্ৰ শ্বেয়াৰ কৰিছে ভেৰাই৷ ভালপোৱাৰ সন্ধানত আৱেদন কৰাটো সঠিক নে সেই প্ৰশ্নৰ উত্তৰো বিচাৰিছে একাংশই৷ ভেৰাই এই আৱেদনসমূহৰ উত্তৰত কৈছে, ‘বুদ্ধিটো অলপ হ’লেও আজৱ৷ তৰুণসকলৰ পৰা মই ভাল ৰেছপন্সেই পাইছো৷ ২৪ ঘণ্টাত ৩০০০ৰো অধিক আৱেদন আহিছে৷ ২০২৩ বৰ্ষত এজন ভাল প্ৰেমিক বিচাৰি পোৱাটো সহজ কাম নহয়৷ পুৰুষৰ মন বুজিবলৈকে মই এই আৱেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলো৷’
ভেৰা সামাজিকমাধ্যমত খুবেই সক্ৰিয় এগৰাকী যুৱতী৷ তেওঁ সামাজিকমাধ্যমৰ পৰাই প্ৰতিমাহে ৩ লাখ ৬০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ২ কোটি ৯৭ লাখ ধন আয় কৰে৷ ভেৰাই এই প’ষ্ট কৰি সামাজিক মাধ্যমত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাও তেওঁৰ আন এক লক্ষ্য৷ ইয়াৰোপৰি তেওঁ আৱেদনকাৰীসকলক বয়স, ঠিকনা আৰু ৰাশি জনাবলৈ উল্লেখ কৰা কথাই তেওঁৰ বিশেষ প’ষ্টটোৰ এনগেজমেণ্ট বৃদ্ধি কৰাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ