অসম লাইভ২৪ঃ প্ৰেমিকৰ সৈতে ডেটত হৈছিল যুৱতীগৰাকী। প্ৰেমিকৰ সৈতে অম্তৰংগ সময় অতিবাহিত কৰিয়েই বিপদত পৰিছে যুৱতীগৰাকী। প্ৰেমিকে আদৰেৰে ওঁঠত আকি দিয়া চুমাই এতিয়া মৃত্যুৰ মুখলৈ থেলি দিছে যুৱতীগৰাকীক। প্ৰকৃততে কি হৈছে যুৱতীগৰাকীৰ?
এটা চুমাই শংকা আনিছে জীৱনলৈ। চুম্বনৰ পিছতেই এলাৰ্জীৰ বাবে ফুলি উঠিছিল যুৱতীগৰাকীৰ ওঁঠ। গোটেই মুখখনেই ফুলি উঠিছিল যুৱতীগৰাকীৰ।
সামাজিক মাধ্যমত যুৱতীগৰাকীয়ে এটি ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে সমূহ কথা। মাৰাত্মক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি যুৱতীগৰাকীয়ে কয় যে, প্ৰেমিকৰ সৈতে ডেটত যাওঁতেই এই ঘটনা। জেনেল গাঞ্জালেঞ্চ নামৰ ২৭ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেমিকৰ কাষৰ পৰা উভতি অহাৰ পিছতেই ওঁঠ, মুখৰ অৱয়ব ফুলি উঠিবলৈ আৰম্ভ কৰে। চকু-মুখ মাৰাত্মকভাৱে ফুলি উঠাৰ কাৰণ ভাৱি যুৱতীগৰাকী চিন্তিত হৈ পৰিল। এই এলাৰ্জীৰ উৎস কি তাকে লৈ চিন্তিতও হৈ পৰিল। প্ৰেমিকেৰে খাদ্য সেৱন কৰোতেও তেনেধৰণে এলাৰ্জী হোৱা কোনো খাদ্যই খোৱা নাছিল তেন্তে কিয় এই এলাৰ্জী?
উল্লেখ্য যে, এলাৰ্জীৰ মাত্ৰা বাঢ়ি যোৱাত চিকিৎসকৰ কাষ চপাতহে স্পষ্ট হৈ পৰে সকলো। চুম্বনৰ পৰাই পৰোক্ষভাৱে এলাৰ্জী জেনেলৰ শৰীৰত প্ৰৱেশ কৰিছে। প্ৰেমিকে চুম্বনৰ পূৰ্বে গ্ৰহণ কৰা এলাৰ্জী হ’ব পৰা খাদ্য যুৱতীগৰাকীৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলতেই এই এলাৰ্জী হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ