কাৰোবাৰ শৰীৰত ৰং বিৰঙৰ পেইণ্টিং আৰু কাৰোবাৰ শৰীৰ সম্পূৰ্ণ বিবস্ত্ৰ৷ এইদৰে চাইকেল চলাই বিশ্ব নগ্ন চাইকেল ৰেলী (World Naked Bike Ride) কৰা দেখা গ’ল এখন দেশৰ ৰাজপথত৷
অলপতে ইংলেণ্ডৰ ৰাজপথত শ শ পুৰুশ-মহিলাই ৱৰ্ল্ড নেকেড বাইক ৰাইড দেখা গ’ল। কেইবাশ চাইকেল আৰোহীয়ে সম্পূৰ্ণ উলংগ হৈ একেলগে ৰাজপথত ঘূৰি ফুৰা দেখা গ’ল।
মানুহক গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে সজাগ কৰি তোলাৰ উদ্দেশ্যেৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল৷ লগতে এই পদক্ষেপেৰে চাইকেল চলোৱাৰ সুফল আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মানুহক সজাগ কৰি তোলা হৈছে।
লগতে পঢ়ক IPLৰ টিভি আৰু ডিজিটেল মিডিয়াৰ ৰাইট বিক্ৰী! কিমান হাজাৰ কোটিত হ’ল বিক্ৰী?
উল্লেখ্য যে আধুনিক জীৱন ধাৰণত মানুহৰ মাজত বাহনৰ ব্যৱহাৰ প্ৰচণ্ড হাৰত বৃদ্ধি পাইছে । পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱো পৰিছে। ফলত গাড়ীৰ সলনি চাইকেলৰ ব্যৱহাৰ বৃদ্ধি কৰাটোৱেই হৈছে পৰিৱেশ ৰক্ষাৰ বাবে এই পদক্ষেপৰ কাৰণ।
চাইকেল চলালে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস পাব। অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন সদস্যই উলংগ হৈ আছিল। কাৰো গাত কাপোৰ নাছিল। বহুতে নিজৰ শৰীৰটো বিভিন্ন ৰঙেৰে পেইণ্টিং কৰি লৈছিল।
উল্লেখ্য যে ২০০৪ চনত আৰম্ভ হৈছিল নেকেড ব’ ৰাইড। লণ্ডনৰ উপৰিও আমেৰিকা, মেক্সিকো, মাদ্ৰিদ, টৰন্টোৰ দৰে আন ঠাইৰ লোকেও এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















