ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা এনে ভিডিঅ’, যি ভিডিঅ’ দেখি আচৰিত মানিছে সকলো লোকেই। কিয়নো কোনো চালক তথা গৰাকী নোহোৱাকৈ নিজে নিজে চলি গৈছে এই স্কুটাৰ।
যি ভিডিঅ’ দেখাৰ পাছতে এতিয়া আশ্বৰ্য হৈছে সকলো। পাছে এয়া কোনো আলৌকিক ঘটনা নহয়, নহয় কোনো ভুত। এয়া সকলো প্ৰযুক্তিৰ চমক।
বিশ্বৰ প্ৰথম নিজে নিজে চলি যোৱা স্কুটাৰ আহি গ’ল বজাৰলৈ। স্কুটাৰ বনোৱা কোম্পানীৰ মালিকে সেই স্কুটাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত, যি বৰ্তামানে দ্ৰুত গতিত ভাইৰেল হৈ আছে। ১ এপ্ৰিল তাৰিখে সদৰি কৰে স্কুটাৰ খনৰ ভিডিঅ’।
https://x.com/bhash/status/1775058174824820946?s=20
অ’লা কোম্পানীৰ এখন নতুন ইলেক্ট্ৰ’নিক স্কুটাৰ। যি স্কুটাৰ সম্পূৰ্ণ অটোমেটিক। চালক নোহোৱাকৈ চলাব পৰা যাব তথা চলাব নাজানিলেও ই আপোনাক লৈ যাব গন্তব্য স্থানলৈ।
এই অটোমটিক স্কুটাৰখন কেৱল ভাৰতৰে নহয়, বিশ্বৰে প্ৰথম। এ আই টেকন’ল’জি বিশিষ্ট এই স্কুটাৰ ট্ৰেফিক-স্মাৰ্ট স্কুটাৰ লগতে ইয়াত ২২টা ভাষা চাপোৰ্ট কৰিব পৰা ক্ষমতা আছে ।
ভাৰতত ইয়াৰ মূল্য নূন্যতম ৮৫ হাজাৰৰ পৰা আৰম্ভ হৈ সৰ্বাধিক ১ লাখ ৩০ হাজাৰ টকা হ’ব। অৱশ্যে ইয়াৰ বজাৰলৈ অহাৰ তাৰিখ এতিয়ালৈ সদৰি কৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ