জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই
ভাৰতৰ অন্যতম নৃ্ত্য শিল্পী তথা বৰ্তমানৰ বহু কেইটা নৃত্যৰ অনুষ্ঠানত বিচাৰক হিচাপে কাম কৰি জনপ্ৰিয় হোৱা ৰেমো ডি’ছুজাৰ প্ৰেমৰ কাহিনী অন্যতকৈ অভিন্ন। বহু কঠোৰ জীৱন সংগ্ৰাম কৰি আজিৰ এই অৱস্থা পোৱা ৰেমো ডি’ছুজাই জীৱনত এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ বিয়াত বহিছে।
হয়, সামাজিক মাধ্যমত আপুনি কেৱল এগৰাকী পত্নীকেই দেখি আহিছে যদিও এয়া সত্য যে, তেখেতে তিনিবাৰ বিয়া পাতিছে। অৱশ্যে পত্নী লিজেলক অফুৰন্ত প্ৰেম কৰা ৰেমো ডি’ছুজাই কোনো অন্যৰ সৈতে নহয়, লিজেলৰ সৈতেই তিনিওবাৰ বিয়া পাতিছে।
তিনিটা বেলেগ বেলেগ নিয়ম অনুসাৰে বিয়াত বহিছে লিজেলৰ সৈতে। সেই প্ৰথম বিয়াৰেই আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে। লিজেলৰ প্ৰতি থকা প্ৰেম ৰেমো ডি’ছুজাই সকলোৰে আগতো প্ৰকাশ কৰিবলৈ কুন্ঠাবোধ নকৰে।
ৰেমোৰ ডান্স ক্লাছৰে এগৰাকী ছাত্ৰী আছি লিজেল। পাছে নৃত্যত ৰেমোৰ দৰে বৰ বিশেষ পাৰ্গত নাছিল লিজেল, যাৰ বাবেই হয়তো অধিক সময় প্ৰস্তুতিৰ বাবদ দুয়ো কাষ চাপিছিল ইজনে সিজনৰ।
তেনেদৰেই এদিন প্ৰেমৰ অন্তত অতি কম বয়সতে ১৯৯৮ চনত বিয়াত বহে দুয়ো। বয়স কম হলেও সংসাৰত কেতিয়াও আউল লগা নাই দুয়োৰে। ৰেমোই আনকি নিজৰ সাফস্যৰ সকলো ক্ৰেডিট লিজেলৰ নামতে উৎসৰ্গা কৰে। বৰ্তমানে ৰেমো-লিজেলৰ দুটি সন্তানেৰে সুখৰ সংসাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ