• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনে মোক এনেধৰণে সজাই থৈ গ’ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল’ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ

জুবিনে মোক এনেধৰণে সজাই থৈ গ’ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল’ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ

1 year ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

47 minutes ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

1 hour ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

2 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

2 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

2 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

3 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

4 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

6 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

7 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

7 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

8 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিনে মোক এনেধৰণে সজাই থৈ গ’ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল’ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ

জুবিনে মোক এনেধৰণে সজাই থৈ গ'ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল'ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ

editor by editor
September 21, 2025
in জীৱনশৈলী
0
জুবিনে মোক এনেধৰণে সজাই থৈ গ’ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল’ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশিষ্ট্য উপন্যাসিক নবীন বৰুৱাই জুবিনৰ মৃত্যুৰ পাছতেই দিছে এক আবেগিক পষ্ট৷ জুবিন কি আছিল তেওঁৰ বাবে, গৰিমাৰ সৈতে তেওঁৰ কি সম্পৰ্ক? সকলো কথাই বিশেষ ফেছবুক পোষ্টযোগে লিখিছে নবীন বৰুৱাই৷ তেওঁ লিখিছে-

‘গৰিমাই মোক দ্বিতীয়বাৰ কন্দুৱালে

পৰহি আবেলিৰ পৰা এক উৎকণ্ঠাৰ মাজত পাৰ কৰিলো। খবৰ লৈ গম পালোঁ যে কাহিলীপাৰাৰ
জুবিনৰ ঘৰত যথেষ্ট মানুহৰ ভিৰ। ভিৰ দেখি গৰিমাই ৰাইজক ক্ষমা খুজি সকলো দুৱাৰ খিৰিকী বন্ধ কৰি ফোনবোৰো Switch off কৰি থৈছে। কাৰণ ইমান বোৰ ফোন ধৰি কথা পতাৰ মানসিক অৱস্থাত নাছিল। কাৰণ বিভিন্ন source ৰ পৰা যিবোৰ খবৰ আহিছে ইটোৰ লগত সিটো অমিল আছিল। কালি ৰাতিপুৱা ৫ বজাত মোৰ ছোৱালী ৰিণিয়ে গৰিমাক ফোন কৰিলে। গৰিমা গোটেই নিশা উজাগৰে আছিল।

গৰিমাই ফোনটো ধৰিলে। ফোনটো ধৰিলত ৰিণিয়ে ক’লে “ইচ্ছা থাকিলেও দেউতা ইমান ভিৰৰ মাজত তোমাৰ ঘৰলৈ যাব নোৱাৰে। গতিকে আমি ভাবিছো মহা মাহী( গৰিমাৰ মাক দেউতাক)ৰ ওচৰলৈকে লৈ যাম।” তেওঁলোক অকলে আছে । অসুস্থতাৰ কাৰণে তেওঁলোক গৰিমাৰ ওচৰলৈ যাব পৰা নাই । গৰিমাই সুধিলে আমি কিমান সময়ত যাম। ৰিনিয়ে ক’লে ১১ মান বজাত পোৱা কে যাম ।

১১ বাজি যোৱাৰ অলপ পিচত গৈ গৰিমাৰ দেউতাকৰ ঘৰ পালোগৈ। গৰিমাৰ দেউতাকক কেইবা বছৰ হ’ল লগ পোৱা নাই। মোৰ শাৰীৰিক অসুস্থতাৰ বাবে মই তেখেত সকলৰ ঘৰলৈ যাব পৰা নাই। তেখেত সকলৰ building ত lift নাই কাৰণে চিৰিয়ে বগাই যাব নোৱাৰো। গৰিমাৰ দেউতাকৰ শাৰীৰিক মানসিক অৱস্থা একেবাৰে ভাল নহয়। একো কথা ক’ব নিবিচাৰে। কাৰণ তেখেতে কাণেৰে নুশুনে। গৰিমাৰ মাকৰ লগত অলপ কথা পাতিলো । তেখেতে মোৰ অসুখৰ দুই এটা খবৰ ল’লে। গৰিমা প্ৰায় ১২ মান বজাত আহি পালেহি। আমি ভাবিছিলো গৰিমা একেবাৰে ভাগি পৰিব । কিন্তু তাই অন্তৰ ডাঠ কৰি মাক দেউতাৰ ওচৰলৈ আহিছে। দেউতাকৰ ওচৰত আহি বহিল। দেউতাকৰ চকু পানী ওলোৱাত তাই ক’লে,”তুমি নাকান্দিবা । চোৱা মই নাই কন্দা। ” সেই বুলি দেউতাকক অলপ পানী অলপ খুৱাই দিলে। দেউতাকে নোখোৱা দেখি ক’লে “চোৱা ময়ো খাইছো। ” সেইবুলি অলপ পানী তাইয়ো খালে। তাৰ পিচত তাই মোক সাৱটি ধৰিলে। মোৰ দুগালেদি চকুলো বৈ আহিলে। মই কন্দা দেখি গৰিমাই কলে,”জেঠপেহা মই কন্দা নাই আপুনি কিয় কান্দিছে। আপুনি কান্দিলে মই দুৰ্বল হৈ যাম” । তাৰ পিছত তাই পানী এগিলাছ আনি মোকো খুৱাই দিলে ।মই বহুত দিনৰ মূৰত বৰ ভাগি পৰিছিলো।

গৰিমাৰ লগত মোৰ সম্পৰ্ক তাই কটনত পঢ়ি থকা দিনৰে পৰাই । মই তাইৰ local guardian আছিলো। জালুকবাৰীত তাই প্ৰায় আমাৰ ঘৰলৈ আহি বন্ধৰ দিন কেইটা কটাইছিল। গৰিমা ইংৰাজী সাহিত্যৰ ছাত্ৰী আছিল । সাহিত্যৰ ছাত্ৰী হিচাপে তাই মোৰ বৰ মৰমৰ আছিল । বহুতক গৰিমা আপোনাৰ কি হয় বুলি সুধিলে মোৰ দ্বিতীয় ছোৱালী বুলি কওঁ। তাই যেতিয়া বোম্বাইত পঢ়িবলৈ যায়, আজিকালিৰ লৰা -ছোৱলীবোৰ দৰে plane ৰে অহা যোৱা কৰা নিয়ম নাছিল। তাই বোম্বাই যোৱাৰ একমাত্ৰ ট্ৰেইনখন Dadar Express ত সদায় sleeper class ত অহা যোৱা কৰিছিল।সদায় মই ট্ৰেইন ত তুলি দিও। কেতিয়াবা দেউতাক আহে। কিন্তু উভতি আহোঁতে সদায় মইয়ে নিবলৈ ষ্টেচনলৈ আহিছিলো। মোৰ ঘৰত এৰাতি বা দুৰাতি থাকি হে ঘৰলৈ গৈছিল। তাইৰ লগত থকা এই সম্পৰ্কৰ কাৰণে তাইক লৈ মোৰ আৰু দেউতাকৰ মনত এটা আশাৰ জন্ম হৈছিল। এই আশা আছিল ইমান পঢ়া শুনাত ভাল ছোৱালী। UPSC পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। মই তাইক উৎসাহীত কৰিছিলোঁ। মই নিজে ভাবিছিলো UPSC নোৱাৰিলেও ACS বিষয়া হ’ব পাৰিব।

এনে সময়তে তাইৰ জুবিন গাৰ্গৰ লগত এটা সম্পৰ্ক গঢ় লৈ উঠিছিল যিটো আমি জনা নাছিলো। গোলাঘাটত গ্ৰন্থমেলা হৈছিল। মই আৰু উৎপল দাস গৈছিলো আৰু আমি গৰিমাহঁতৰ ঘৰতে গৈ আছিলোগৈ। আমি এদিন আবেলি সময়ত গ্ৰন্থমেলালৈ যাম বুলি বহি থাকোতেই এখন মাৰুতি van ত চাৰিজন ল’ৰা আহি সোমালেহি। তেওঁলোক আহি বাহিৰতে বহিছিল। এজনকো আমি চিনি পোৱা নাছিলো। গৰিমায়ো হয়তো এনেদৰে জুবিন আহি ওলাব বুলি আশা কৰা নাছিল। মই তেতিয়ালৈকে জুবিন গাৰ্গক চিনি নাপাওঁ। নাম শুনিছোঁ। আৰু শুনিছিলো বোম্বাইত অসমীয়া ল’ৰা এজনে গানৰ জগতত খোপনি পুতিব পাৰিছে।

উৎপল দাসে মোক চিনাকী কৰাই দিলে এওঁ জুবিন গাৰ্গ । জুবিনৰ লগত আছিল তিনিজন বন্ধু আৰু এটা কুকুৰ। মই লক্ষ্য কৰিলো চুলি দীঘল এটা অস্থিৰ ল’ৰা জুবিন। এবাৰ আহি মোৰ লগত বহে। এবাৰ আন এখন চকীত বহে। এবাৰ কুকুৰটো ৰ লগত খেলে। মই লক্ষ্য কৰিলো প্ৰথম অহা আলহীৰ দৰে আচৰণ তেওঁৰ নাছিল শিশুসুলভ এটা মানসিকতাৰ ল’ৰা যেন মোৰ অনুভৱ হৈছিল। গোটেই সময় খিনি এনেদৰে কটাইছিল যেন সৰু ল’ৰা এটা মানুহ এঘৰলৈ ফুৰিবলৈ গ’লে যি ধৰনে ল’ৰা ধপৰা কৰি ফুৰে।

ইয়াৰ পিছত জুবিনক লগ পালো যোৰহাট গ্ৰন্থ মেলাত। আমাৰ পূৰ্বাঞ্চল প্ৰকাশৰ ষ্টলৰ পৰা কিনিছিল ভিক্ৰম শেঠৰ SUITABLE BOY, দাম তেতিয়াই ৫০০ টকা। এই বাবেই মই জুবিনৰ নাম দিছিলোঁ Suitable Boy, দেখাটো ধুনীয়া ল’ৰা ।
তেতিয়া আমি ভাবিব পৰা নাছিলো যে জুবিনৰ দৰে এটা অস্থিৰ ল’ৰাক গৰিমাৰ দৰে গহীন গম্ভীৰ ছোৱালীয়ে ভাল পাব পাৰে। কিবা এটা সন্দেহ কৰি মই উৎপলক কৈছিলো অলপ খবৰ কৰিবাচোন। তিনিমাহ মানৰ পিছত উৎপলে খবৰ দিলে যে জুবিন আৰু গৰিমাৰ প্ৰেমৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছে।

কথাটো শুনি প্ৰথম অৱস্থাত মই বৰ হতাশ হৈ পৰিছিলো। কাৰণ মই আশা কৰিছিলো গৰিমাৰ দৰে ইংৰাজী সাহিত্যৰ মেধাৱী ছোৱালী এজনী হয়তো কোনোবা কলেজৰ প্ৰফেছৰ হ’ব , IAS নোৱাৰিলেও ACS হ’ব পাৰিব। মোৰ যিটো সপোন আছিল সেইটো ভাগি গ’ল। কিন্তু মই কাহানিও তাইক এই বিষয়ে নুসুধিলো । দেউতাকে বহুত বাৰ মোক এই বিষয়ে বুজাবলৈ কৈছিল যদিও মই ভাবিছিলো গৰিমাৰ দৰে সকলো ফালে মেছিয়ৰ ছোৱালীয়ে যদি এনে সিদ্ধান্ত লৈছে ভালেই হওঁক বা বেয়াই হওঁক তাৰ পৰা জোৰ কৰি আঁতৰাই অনা ভাল কথা নহ’ব।

জুবিন আৰু গৰিমাৰ বিয়া হৈ যোৱাৰ পিছত যেতিয়া কইনা বিদায় লোৱা সময় আহিল মাক দেউতাকক সেৱা কৰি উঠি যেতিয়া মোক সেৱা কৰিবলৈ ল’লে মোৰ চকুপানী বৈ আহিল। সেইবাৰ প্ৰথম মোৰ চকুপানী আছিল আনন্দৰ চকু পানী আৰু আজি জুবিনৰ বিদায় পৰত গৰিমাক সাবতি ধৰি আজি দ্বিতীয় বাৰ চকুপানী ওলাল,যি আছিল দুখৰ চকুলো।
জুবিনৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল । বিয়াৰ পিছত জুবিনে এটা পাৰ্টি দিছিল। মোক তালৈ নিমন্ত্ৰণ কৰিছিল যদিও মই যাম বুলি ভবা নাছিলো। মোক এটা সম্পৰ্কীয় ভাগিনে মোক মতা বুলি জানি মোক বাৰে বাৰে তাক লৈ যাবলৈ অনুৰোধ কৰিলে জুবিনৰ সৈতে এখন ফটো তুলি দিবলৈ । মই বৰ আচৰিত হৈছিলো ক্লাছ ten নে eleven ত পঢ়া ল’ৰা এটা জুবিনৰ প্ৰতি ইমান আগ্ৰহ কিয় ?মই এটা cameraলৈ গৈছিলো যাতে ফটো উঠাই দিব পাৰো। জুবিনৰ সৈতে মোৰ ভাগিনটোৰ কেইবাখনো ফটো তুলি দিলো।

বিয়াত ফটো তোলা এয়াই মোৰ প্ৰথম অভিজ্ঞতা আছিল। মোৰ নাতিনী জয়ী যেতিয়া ডেৰ বছৰ মান হৈছিল ৰেডিঅ’ আৰু TV (TV মানে তেতিয়া অকল দূৰদৰ্শন হে আছিল) ত এটা advertisement ওলাই য’ত জুবিনৰ কন্ঠত ulala ulala এটা Jingle পৰিবেশন কৰে। সেইটো ওলালেই মোৰ নাতিনীজনীয়ে বেলেগ এটা ৰস পাই আৰু বাৰে বাৰে একেটাকে শুনিব খোজে। তাইতো নাজানে আমি ইচ্ছা কৰিলেই যে ৰেডিঅ’ টিভিত কিবা এটা বজাব পাৰো এই বিষয়টোত আচৰিত লাগিল ডেৰ বছৰীয়া ছোৱালী জনীয়ে জুবিনৰ এই মাতটোত ইমান উৎফুলিত হৈ কি সুখ বিছাৰি পাই। মোৰ কৌতুহল নিবাৰণৰ ৰ বাবে মই মৰাণৰ অনিল শইকীয়াৰ ঘৰলৈ গ’লো।মই অনিল শইকীয়াক কলো মই এটা কথা জানিবলৈ আহিছো যে জুবিনৰ গানৰ বিশেষত্ব কি যে মোৰ ডেৰ বছৰীয়া ছোৱালীজনীও আকৰ্ষিত হয়। জুবিনৰ গানৰ বিশেষত্ব জানিব বিচৰাত তেওঁ মোক জুবিনৰ গানৰ কথাবোৰ ফহিয়াই ফহিয়াই বুজাই দিলে। তেও Key Board বজাই বজাই শুনাই প্ৰত্যেক টো গাঁথনি বুজাই দিলে। প্ৰায় তিনি ঘণ্টা মান মই জুবিনৰ গান শুনিলো। তাৰ পিছত মই জুবিন ভক্ত নহ’লেও জুবিনৰ গান শুনিলে মই জুবিনৰ গান বুজিবলৈ চেষ্টা কৰো।

যদিও গৰিমাৰ লগত মোৰ সম্পৰ্কটো আগতে বৰ ঘনিষ্ঠ আছিল গৰিমা বেলেগ এখন জগতত সোমাই পৰা পিছত আমাৰ সম্পৰ্ক প্ৰায় কমি আহিল।তথাপিও মই যতেই গৰিমাক লগ পাও আমি প্ৰায় অতীতৰ কথাবোৰ ৰোমন্থন কৰো। গ্ৰন্থমেলাত লগ পালে একেলগে ফুৰো। এবাৰ মোৰ মনত আছে গৰিমাই নিজৰ কাৰণে কিতাপ কিনাৰ উপৰি আমাৰ দোকানৰ পৰা ৰাহুল গৌতমক যি লাগে ল বুলি কোৱাত সি প্ৰায় ৫০০০ মান টকাৰ কিতাপ কিনিছিল আৰু গোটেই পইচা গৰিমাই দিছিল। এনেদৰে আমি লগ পালেই বহুত কথা পাতো ।কিন্তু জুবিনৰ কথা সাধাৰণতে নাপাতো।

গৰিমাই কালি মোৰ ছোৱালীক কৈছিল ইমান দিন মই জুবিনকেন্দ্ৰিক হৈ কটালো। তাৰ শিশু সুলভ মনটোৰ লগত মিলাই চলি আহিছিলো । এতিয়া মই কি কৰিম। কিন্তু জুবিনে মোক এনেধৰনে সজাই থৈ গ’ল যে মই জীৱনটোক লৈ ভয় নাখাই challenge হিচাপে ল’ব পাৰিম। বহুত দিনৰ আগতে মই গৰিমাক মই কৈছিলো তোমাৰ এটা নিজস্ব personallity আছে। তুমি সদায় জুবিনৰ পত্নী হৈয়ে কতাবানে? তাই মোক কৈছিল জেঠ পেহা মোক আশীৰ্বাদ কৰিব মই নিজৰ identity প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। গৰিমা এখন glammer জগতত সোমাই পৰিল। তাই নিজকে এই জগতখনত প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। আশীৰ্বাদ কৰিছোঁ আৰু আশা কৰোঁ জুবিনৰ অবিহনে তাই নিজৰ অভিজ্ঞতাৰে জীৱন যুদ্ধত আগুৱাই যাবলৈ সমৰ্থ হব আৰু জুবিনৰ আধৰুৱা কাম বোৰ সমাপ্ত কৰিবলৈ মনৰ দৃঢ়তাৰে নিজকে উপযুক্ত কৰি ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

মই জুবিন গাৰ্গ হ’ব নোৱাৰিম, জুবিন জুবিনেই, জুবিন কি আছিল পৃথিৱীয়ে দেখিছেঃ পাপন

মই জুবিন গাৰ্গ হ’ব নোৱাৰিম, জুবিন জুবিনেই, জুবিন কি আছিল পৃথিৱীয়ে দেখিছেঃ পাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.