ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে ডাঙৰ ঘোষণা যশস্বী জয়ছৱালৰ, আচৰিত সকলো
বৰ্তমানে ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ড ভ্ৰমণত। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলি আছে ভাৰতী ক্ৰিকেট দলে। ভাৰতীয় এই দলতে আছে যশস্বী জয়ছৱাল।
ইংলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ৫খন মেচৰ টেষ্ট শৃংখলা খেলি আছে। শৃংখলাৰ প্রথমখন মেচত জয়ছৱালে উজ্জ্বল প্রদর্শন কৰি শতক অর্জন কৰে৷
কিন্তু এই খেলৰ মাজতে এতিয়া যশস্বী জয়ছৱালে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। যি সিদ্ধান্তই এতিয়া অনুৰাগীক আচৰিত কৰি তুলিছে।
আচলতে ৰঞ্জী ট্ৰফীত জয়ছৱালে মুম্বাই ইণ্ডিয়ানছ এৰি গোৱা দলৰ হৈ খেলাৰ সিদ্ধান্ত লৈছিল, যাৰ বাবে তেওঁ মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনকো এন অ’ চিৰ বাবে আবেদন জনাইছিল।
জয়ছৱালৰ এই সিদ্ধান্তই সকলোকে আচৰিত কৰি তোলে। এতিয়া জয়ছৱালে পুনৰ মুম্বাইৰ হৈ ঘৰুৱা ক্ৰিকেট খেলাৰ সিদ্ধান্ত লৈছে। যাৰ বাবে তেওঁ এন অ’ চিৰ বাবে কৰা অনুৰোধ প্ৰত্যাহাৰ কৰিবলৈ মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনলৈ পত্ৰ প্ৰেৰণ কৰিছিল, যি পত্ৰত এতিয়া অনুমোদন পোৱা গৈছে।
ইয়াৰ পূৰ্বে জয়ছৱাল গোৱা দললৈ গৈ সেই দলৰ অধিনায়কত্বৰ দায়িত্ব লব বুলি খবৰ ওলাইছিল। এতিয়া মুম্বাই দলতে থাকিব যশস্বী জয়ছৱাল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ