পাৰাস্তম্ভ সামান্য হ্ৰাস, আজিয়ো বৰষুণৰ সম্ভাৱনা, অসমৰ লগতে দেশৰ ১৪ ৰাজ্যত এলাৰ্ট
কালিৰ বৰষুণ জাকৰ পাছতে পাৰাস্তম্ভ সামান্য হ্ৰাস পাইছে বুলি বতৰ বিজ্ঞা কেন্দ্ৰৰ ফালৰ পৰা প্ৰকাশ। ২ ডিগ্ৰী তাপমাত্ৰা হ্ৰাস পাইছে পূৰ্বৰ প্ৰচণ্ড গৰমৰ তুলনাত। আজিয়ো বৰষুণৰ সম্ভাৱনা।
বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি আজি মঙলবাৰেও অসমৰ লগতে উত্তৰ-পূৱ ভাৰত আৰু মধ্য ভাৰতৰ ১৪ খন ৰাজ্যত বৰষুণৰ সম্ভাৱান আছে। বৰষুণৰ লগতে ধুমুহা অহাৰো সংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
আই এম ডিৰ ফালৰ পৰা সদৰি কৰা তথ্য অনুসৰি, গোৱা আৰু কৰ্নাটকৰ উপকুলীয় অঞ্চলত ৰেড এলাৰ্ট, আনহাতে মহাৰাষ্ট্ৰৰ কিছু অংশ, কৰ্নাটকত অৰেঞ্জ এলাৰ্ট। বাকি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৱ ভাৰত, গুজৰাট, মধ্যপ্ৰদেশ, তেলেংগানা, কেৰালা, ওড়িশা, ছত্তিশগড়ত ইয়েল্ল’ এলাৰ্ট।
আজি অসমৰ ক্ষেত্ৰত ইয়েল্ল’ এলাৰ্ট দেখালেও , পাছে কাইলৈ ২৫ ছেপ্টেম্বৰ তাৰিখে অসমৰ ক্ষেত্ৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট দিয়া গৈছে। আজিৰ তুলনাত অধিক বৰষুণ আৰু ধুমুহা অহাৰ আংশকা প্ৰকাশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ