সম্পৰ্কত বয়স বাঢ়িলে বহুতৰেই প্ৰিয়জনৰ প্ৰতি থকা অনুৰাগ যেন কৰোবাত লাহে লাহে কমি আহে। অজানিতেই দুয়োৰে মাজত দূৰত্বও বাঢ়ে। আনকি এসময়ত গৈ প্ৰেম কেৱল কঢ়িয়াই ফুৰা এক বোজা হৈ পৰে। এই ভালপোৱাহীন সম্পৰ্কটোৱেই দুই প্ৰেমিক-প্ৰেমিকাৰ বাবে গলগ্ৰহ হৈ পৰে। এই পৰিস্থিতি জটিল হোৱাৰ পুৰ্বে কেনেকৈ এটা সম্পৰ্কৰ মাজত প্ৰেমভাৱ আজীৱন ফাগুনৰঙী কৰি ৰাখিব তাৰবাবেই বিজ্ঞজনে দিছে বিশেষ কিটিপ।
এই বিশেষ টিপছসমূহ মানি চলিলেই এটা সম্পৰ্ক কাহানিও পুৰণি নহয় বুলিও বিশেষজ্ঞই দাবী কৰে। আপোনাৰ প্ৰেমো বেৰঙী হৈ পৰিছে নেকি? তেন্তে এইকেইটা কিটিপ ব্যৱহাৰ কৰি আপোনাৰ সম্পৰ্কক আকৌ ন ৰূপ দিব পাৰিব। পুৰণি প্ৰেমত নতুন উষ্ণতা আনিবলৈ কি কি কৰিব?
ডেটত যাওক
বয়সৰ সৈতে প্ৰেমো পুৰণি হৈ পৰে। বহু প্ৰেমিকেই প্ৰেয়সীৰ সৈতে ডেটত যোৱাটো আউটডেটেড কাম বুলি ভাৱিবলৈ লয়। এনেকৈ প্ৰেমৰ উষ্ণতা ধীৰে ধীৰে কমিবলৈ লয়। প্ৰেয়সীয়েও একাকীত্বত ভুগিবলৈ ধৰে। মনৰ শূন্যতাই প্ৰেমতো দূৰত্ব আনে। প্ৰেয়সী বা প্ৰেমিকৰ মনত প্ৰেমভাৱ ঘূৰাই আনিবলৈ মাজে মাজে ডেটত যাওক। যদি আপোনাৰ সংগীয়ে ডেটত যাবলৈ মন নকৰে তেন্তে জোৰ কৰি হ’লেও নিয়ক। এই কামেই আপোনালোকৰ মনৰ হেৰুৱা প্ৰেম পুনৰ উভতাই আনিব।
মাজে মাজে গীফট দিয়ক
মনৰ মানুহক গীফট দিব লাগে। গীফটেই সম্পৰ্ক এটাক ন ৰূপ দিব পাৰে। প্ৰেমিক বা প্ৰেয়সীয়ে দূৰত্ব আনিলেই গীফটেই একমাত্ৰ মাধ্যম দিয়ে সম্পৰ্কক কাষ চপাই আনে। পাৰিলে সংগীক চাৰপ্ৰাইজ গীফট দিয়ক। আপোনাৰ এই আচৰণেই সংগীৰ মনত আপোনাৰ প্ৰতি আন্তৰিকতা বঢ়াই তুলিব। আপোনাক নিজৰ হৃদয়ত চিৰস্থায়ী স্থান দিব।
প্ৰেমৰ প্ৰস্তাৱ দিয়ক
আপুনি তেওঁক ভালপায় সেই কথা তেওঁক মাজে মাজে মুখ খুলিও ক’ব। এই বিষয়টো একোটা সম্পৰ্কত প্ৰেম জীয়াই থাকিবৰ বাবে খুবেই জৰুৰী। প্ৰেয়সী বা প্ৰেমিকক মন গলেই প্ৰেমৰ প্ৰস্তাৱ দিয়ক। এই প্ৰস্তাৱেই অনুৰাগ বঢ়াই তুলিব।
সন্মান কৰক
প্ৰেমিক বা প্ৰেয়সী দুয়োৱে দুয়োকে সন্মান কৰাটো খুবেই জৰুৰী। আত্মসন্মান থকা ব্যক্তিৰ বাবে এই বিষয়টো খুবেই জৰুৰী। প্ৰেয়সী বা প্ৰেমিকে কোনো কামত আগবাঢ়িলে সেই কামক আপুনি বেয়া পালেই সন্মানেৰে সৈতে বিষয়টো উত্থাপন কৰক। তেওঁ ভালপোৱা কোনো কাম আপুনি বেয়া পালেও বিষয়টোক উপলুঙা নকৰিব। কাৰণ প্ৰত্যেকৰেই ব্যক্তিত্ব অনন্য।
শাসন নহয়
প্ৰেমিক বা প্ৰেয়সীক শাসন কৰিবলৈ নাযাব। অহেতুক নিয়ন্ত্ৰণ কৰিবলৈ নাযাব। বৰং সংগীক স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক। এই স্বাধীনতাই আপোনালোকৰ সম্পৰ্কক সু-দৃঢ় কৰি তুলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ