টকাৰ প্ৰয়োজন৷ কিন্তু ঋণ একোতেই পোৱা নাই৷ চিন্তা নাই৷ কেন্দ্ৰীয় চৰকাৰে ঋণ দিব৷ কেৱল আধাৰ কাৰ্ড দেখুৱালেই লাভ কৰিব ঋণ৷ নালাগে কোনো গেৰেণ্টাৰো৷ ১২ মাহৰ ভিত্তিত কিস্তিত ঋণ শোধ কৰিলেই হয়৷
ক’ভিড মহামাৰীৰ সময়ত সকলোতকৈ ডাঙৰ ধাক্কা খাইছিল ষ্ট্ৰিট ভেণ্ডাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ তেওঁলোকৰ কাষত ঠিয় দিবলৈকে ২০২০ চনত প্ৰধানমন্ত্ৰী স্ব নিধি যোজনা নামেৰে স্কিম আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই স্কিমত কেৱল আধাৰ কাৰ্ড থাকিলেই ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ পোৱা যায়৷
প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত ক্ষুদ্ৰ ব্যৱসায়ীয়ে কোনো গেৰেণ্টাৰ অবিহনেই প্ৰথমে ১০ হাজাৰ টকাৰ ঋণ ল’ব পাৰে৷ এই ঋণ সময়মতে পৰিশোধ কৰিলে তেওঁ ২০ হাজাৰ টকাৰ ঋণৰ বাবে আবেদন কৰিব পাৰে৷ এই টকাও যদি তেওঁ নিৰ্দিষ্ট সময়ত পৰিশোধ কৰে তেন্তে তেওঁ ৫০ হাজাৰ টকাৰ ঋণ পাব পাৰে৷
প্ৰধানমন্ত্ৰী স্ব নিধি যোজনাত ঋণ পাবলৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক৷ যিকোনো চৰকাৰী বেংকত আধাৰ কাৰ্ড দেখুৱাই ঋণক আবেদন কৰিব পাৰে৷ পি এম স্বনিধি ৱেবচাইট অনুসৰি ঋণৰ আবেদন কৰিবৰ বাবে লোণ এপ্লিকেছন ফৰ্ম পূৰ্ণ কৰিব লাগিব৷ লগতে দিব লাগিব অন্য কিছু নথিপত্ৰ৷ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক৷ অনলাইনত ই কেৱাইছি বা আধাৰ ভেৰিফিকেচনৰ বাবে অবশ্যে কিছু সময়ৰ প্ৰয়োজন৷
ইয়াৰোপৰি স্থানীয় পঞ্চায়ত বা মিউনিছিপাল কৰ্পৰেছনৰ চাৰ্টিফিকেটো জমা দিব লাগে আবেদনৰ সৈতে৷ ইয়াৰ ফলত ভৱিষ্যতে চৰকাৰী ৱেলফেয়াৰ স্কিমৰ সুবিধা পায় ঋণগ্ৰহীতাই৷ মোবাইল নম্বৰ আপডেট কৰাৰ বাবে এখন ফৰ্ম পূৰণ কৰিব লাগিব৷ এইসমূহ নথিৰ বাহিলে আন কোনো নথিপত্ৰৰ প্ৰয়োজন নাই৷
প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত চাৰি ধৰণৰ কেটাগৰীৰ ব্যৱসায়ীক ঋণ দিয়া হয়৷ যোগ্যতা অনুসৰি আবেদন কৰিব লাগিব৷ ঋণগ্ৰহীতাই অনলাইনতো পি এম স্ব নিধি ৱেবচাইটৰ মাধ্যমেৰে কিংবা কমন ছাৰ্ভিছ চেণ্টাৰৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব৷
সুদৰ হাৰ বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, ক্ষুদ্ৰ ঋণ বেংক আৰু ক’ অপাৰেটিভ বেংকৰ সুদৰ হাৰ অনুসৰি প্ৰযোজ্য হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















