অসম লাইভ ২৪ঃ এটা এপাৰ্টমেণ্টত ১৭ ছেপ্টেম্বৰৰ নিশা ৯.৩০ বজাত খাদ্য ডেলিভাৰী দিবলৈ আহি এজন জ’মেটো বয়ে সংঘটিত কৰে এই কাণ্ড৷ যুৱতীগৰাকী আন দুই বান্ধৱীৰ সৈতে বাস কৰে যদিও সেইদনা নাছিল বান্ধৱী দুগৰাকী৷ যুৱতীগৰাকীক অকলে দেখি জ’মেটো বয়জনে পানী খাবলৈ বিচাৰে৷ সেই সময়তে ঘৰত আৰু কোনো নাই নেকি বুলি প্ৰশ্ন কৰাত যুৱতীগৰাকীয়ে অকলে থকা বুলি উল্লেখ কৰে৷ তেতিয়া ডেলিভাৰীয় বয়জনে আৰু এগিলাচ পানী খাবলৈ বিচাৰে৷ যুৱতীগৰাকীয়ে পানী আনিবলৈ ঘূৰোতে ডেলিভাৰীয়ে বয়জনে পিছৰ পৰা সাৱটি ধৰি দুগালত দুটা চুমা খায়৷
তাৰ পাছত যুৱকজন তাৰ পৰা আঁতৰি যায়৷ ডেলিভাৰী যুৱকজনে যোৱাৰ সময়ত যুৱতীগৰাকীক কয়— ‘মই তোমাৰ আংকলৰ দৰে৷ যিকোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেন্তে তাই নিঃসংকোচে ক’ব পাৰে৷’ তাৰ পাছত ডেলিভাৰী বয়জনে যুৱতীগৰাকীক হোৱাটছএপত মেছেজ কৰিবলৈ আৰম্ভ কৰে৷ ঘটনা পুণেৰ য়েভালেৱাড়ী অঞ্চলৰ৷ ভুক্তভোগী যুৱতীগৰাকীয়ে চুমা খোৱা সন্দৰ্ভত প্ৰথমতে অভিযোগ দিবলৈ দ্বিধাবোধ কৰিছিল৷ কিন্তু যেতিয়া মেছেজ কৰিবলৈ ধৰে, তেতিয়া আৰু ৰৈ নাথাকি চিধাই আৰক্ষীক অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক চৰ্দাৰ পাটিলে কয় যে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে। অধিক তদন্ত এতিয়াও চলি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ