এইজনেই জুবিন গাৰ্গ৷ হাজাৰ হাজাৰ মানুহ৷ বাটে বাটে চকুলো টুকি ৰৈ আছে জনতা৷ একো নেদেখি, কেৱল পুষ্পসজ্জিত বাহনৰ ভিতৰত এটা ক’লা কফিনে যাত্ৰা কৰিছে ঘৰ অভিমুখে৷ হাঁহি হাঁহি জুবিনে আজি অনুৰাগীক নকয়, ‘তঁহতি কি ঘেণ্টা কৰিছ ইয়াত, কাম নাই নেকি?’ নাই নকয়, জুবিনে আৰু কাহানিও একো নকয়, জুবিন অবিহনেই এতিয়াৰে পৰা অসমবাসীয়ে পাৰ কৰিব লাগিব বিহু পূজা সকলো৷ জুবিনে আৰু বিহুমঞ্চৰ পৰা চিঁঞৰি নকয়, ঐ নাহৰ…, জুবিনে নকয় মায়াবিনী গানৰ আঁৰৰ কথাবোৰ, জুবিনে আৰু জংকীক সোঁৱৰি কাহানিও নাকান্দে মঞ্চত৷
জুবিন নিৰৱে গৈ আছে ঘৰলৈ, প্ৰিয় ইছুজু অথৱা নতুনকৈ ক্ৰয় কৰা বাহনত নহয়, জুবিনে যাত্ৰা কৰিছে পুষ্পসজ্জিত এখন এম্বুলেন্সত৷ সহ্য কৰিব পৰা নাই কোনোৱে৷ এতিয়াও যেন কোনোৱেই মানিব পৰা নাই, এই যাত্ৰাই শেষ যাত্ৰা জুবিন গাৰ্গ নামৰ প্ৰিয় শিল্পীজনৰ৷ এই শিল্পীজনক আৰু কায়িকভাৱে কোনেও কাহানিও দেখা নাপাব এই কথা যেন কল্পনাই কৰিব পৰা নাই৷ কেনেকৈ মানিব পাৰি এই সত্যক৷ এদিন জুবিনে গাইছিল, আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন… গীতৰ কথাৰ দৰেই সাগৰ তলিত চিৰনিদ্ৰাত শুই পৰিল জুবিন৷ আকাশী পথেৰে মাতৃভূমিলৈ উভতি আহিল৷
জীৱন্ত কালতেই জুবিনে কৈছিল, মই মৰিলে অসম বন্ধ হৈ পৰিব, হাজাৰ হাজাৰ মানুহ মোৰ শেষযাত্ৰাৰ অংশীদাৰ হ’ব৷ সেই কথাই যেন সঁচা হ’ল৷ এয়া বাস্তৱ, জুবিনৰ কফিন কঢ়িওৱা এম্বুলেন্সৰ কাষে কাষে জনতাৰ এই ভিৰে কৈছে কিমান ভালপালে এজন মানুহৰ বাবে এনেকৈ ওলাই আহিব পাৰে অনুৰাগী, তেওঁ জানো সাধাৰণ এজন মানুহ আছিল, জুবিন এক অনুষ্ঠান, জুবিনৰ উচ্চতা তেওঁ কোৱা ইউকেলিপ্টাছ গছজোপাৰ দৰেই উচ্চ৷
প্ৰিয় শিল্পীক বিদায় কেতিয়াও দিব নোৱাৰি৷ প্ৰিয় শিল্পীক কেতিয়াও মৃত বুলি মানিব নোৱাৰি৷ জুবিন জীয়াই আছে জনতাৰ হৃদয়ে হৃদয়ে৷ জুবিনক জীয়াই ৰখাটোও আমাৰেই দায়িত্ব৷ জুবিনৰ পাৰ্থিৱ শৰীৰটোৱেহে বিদায় মাগিছে, জুবিন দি যোৱা সৃষ্টিৰ মাজত তেওঁ সদায়েই জীয়াই আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















