অনুৰাগীয়ে গণিছে ক্ষণ৷ কেতিয়া পাবহি হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ৷
দিন যেন নাযায় নুপুৱাই, কালি বিয়লিৰ পৰা বৰ্তমানলৈকে অপেক্ষাৰত হৈ আছে অনুৰাগী৷
মৰমৰ শিল্পীজন আহিব, এবাৰ শেষবাৰৰ বাবে চাবলৈ সাজু হৈছে সকলো৷
সৰুসজাইতো ইতিমধ্যে জুবিন গাৰ্গৰ নশ্বৰ শৰীৰ ৰখাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে৷
সৰুসজাইত জনতাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰৰ তৰফৰ পৰা৷
কাইলৈ অৰ্থাৎ আজি পুৱতি নিশা ৩-৪ বজাত এয়াৰপৰ্ট পাবহি জুবিনৰ নশ্বৰ দেহ৷
নশ্বৰ দেহ কঢ়িয়াই আনিবলৈ ইতিমধ্যেই সাজু কৰা হৈছে বাহন৷
স্বৰ্গৰথ সজাই থকা হৈছে ফুলৰ মালাৰে৷
ফুলৰ মালাৰে সজাই থকা বিশেষ এম্বুলেঞ্চৰ ভিডিঅ’ চৰ্চালৈ আহিছে সামাজিক মাধ্যমত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















