জুবিন গাৰ্গৰ মৃত্যুৰ পাছত চৰ্চাত এটা অডিঅ ক্লিপ৷
কেনেকৈ কি হৈছিল জুবিনৰ সৈতে শেষ মুহূৰ্তত?
অডিঅত কৈছে, ‘৭-৮টা মান লৰা জুবিনৰ সৈতে গৈছিল৷
সাগৰলৈ যাওঁতে জুবিনৰ সৈতে শেখৰ আৰু সিদ্ধাৰ্থৰ লগতে কেইজনমান ছিংগাপুৰৰ লৰা আছিল৷
সাগৰত একেলগে গা ধুই পাৰলৈ উঠিছিল আটাইকেইজনেই৷
সকলোৱে লাইভ জেকেটো পিন্ধি আছিল৷
সকলো পাৰলৈ উঠাৰ পাছত আকৌ জুবিন সাঁতুৰিবলৈ নামি গৈছিল৷
সাঁতুৰিবলৈ নমাৰ পিছত হঠাৎ জুবিনৰ শৰীৰটো স্থবিৰ হৈ পৰে৷
লগে লগেই সতীৰ্থকেইজনে তেওঁক পাৰলৈ তুলি আনি চিকিৎসালয়লৈ লৈ যায়৷
জুবিনৰ পূৰ্বৰ দৰেই ছিজাৰ এটেকেই আহিছিল৷
সেই স্থানৰ পৰা আনি হাস্পতালত প্ৰায় দুঘণ্টা সময় তেওঁক ICUত ৰখা হয়৷
হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে৷
স্কুবা ডাইভিঙত তথ্য সঁচা নহয় বুলিও প্ৰকাশ কৰিছে অডিঅ’ ক্লিপটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















