জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ লাভ কৰাৰ পাছৰে পৰাই এতিয়া ৰাজ্যজুৰি শোকৰ চাঁ৷ যিয়ে য’ত যেনেকৈ পাৰে তেনেকৈয়ে শ্ৰদ্ধা জনাইছে প্ৰিয় শিল্পীজনক৷ এক খবৰ অনুসৰি, খানাপাৰা ফিল্ডত ৰাজহুৱা শেষ শ্ৰদ্ধা জনোৱা হ’ব প্ৰিয় শিল্পীগৰাকীক৷ জুবিন গাৰ্গৰ মৃত্যুত স্বাভাৱিকভাৱেই ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ৷
জুবিনৰ মৃত্যুত আটাইতকৈ অকলশৰীয়া হৈ পৰিছে তেওঁৰ পিতৃ কপিল বৰঠাকুৰ৷ একমাত্ৰ পুত্ৰক হেৰুওৱাৰ বেদনা তেওঁ হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিব৷ পূৰ্বে জীয়াৰী জংকি বৰঠাকুৰক হেৰুৱাই ভাঙি পৰা পিতৃ কপিল বৰঠাকুৰৰ একমাত্ৰ ভৰষাই আছিল যেন পুত্ৰ জীৱন বৰঠাকুৰ অৰ্থাৎ জুবিন গাৰ্গ৷ কাৰণ তেওঁৰ পত্নী ইলি বৰঠাকুৰে পূৰ্বেই এই পৃথিৱীক বিদায় জনাইছে৷ শেষত একমাত্ৰ পুত্ৰ জুবিনেও পিতৃ পত্নীৰ পৰা বহু দূৰৈত ললে জীৱনত শেষ উশাহ৷ পিতৃয়ে শেষ সময়কণত দেখা নাপালে পুত্ৰক৷ হয়তো কাইলৈ অৰ্থাৎ শনিবাৰে আহি পাব জুবিনৰ নশ্বৰ দেহ৷ নশ্বৰ দেহ পিতৃয়ে হয়তো এবাৰ চাব কিন্তু সেই প্ৰাণে আৰু পিতৃক সাবটি নলয় সেই প্ৰাণ একেবাৰেই শীতল হৈ থাকিব৷ পিতৃয়ে চাব পাৰিব, হয়তো শেষবাৰৰ বাবে পুত্ৰৰ প্ৰাণহীন দেহটোক তেওঁ সাবটিও ধৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















