কি আছিল জুবিন গাৰ্গৰ অন্তিম ইচ্ছা? এক সংগীতানুষ্ঠানৰ মঞ্চৰ পৰা জুবিনে পূৰ্বেই জনাইছিল তেওঁৰ শেষ ইচ্ছাৰ কথা৷ প্ৰিয় ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে৷ প্ৰত্যেকেই কৈছে এই খবৰ মিছা হওক৷ জুবিনে আকৌ কওক, কিং ইছ বেক৷ কিন্তু আশা কৰিলেও জুবিনদা আৰু নাহে৷ কাহানিও উভতি নহাৰ বাটেৰে তেওঁ গুচি গ’ল৷ লগত লৈ গল বহু আশা বহু সপোন আৰু এক সুৰীয়া সংগীত যাত্ৰা৷
জুবিন গাৰ্গৰ পৰা অসমবাসীয়ে পাবলগীয়া আৰু বহুখিনি আছিল৷ জুবিন গাৰ্গৰ নিজৰো বহু আশা আছিল অসমক লৈ৷ কিন্তু সেই আশা আৰু পূৰণ নহ’ল৷ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’৷ য’ত জুবিন গাৰ্গে তেওঁৰ শেষ ইচ্ছাৰ কথা কৈছিল৷
জুবিন গাৰ্গে কৈছিল, মোৰ মৃত্যু হলে সমগ্ৰ ৰাজ্যৰ চৌদিশে এটাই গীত বাজিব৷ অসমৰ চুকে কোণে এই গীতেই বাজি থাকিব লাগিব৷ মোক এই গীতেৰেই সোঁৱৰিব ৰাজ্যবাসীয়ে৷ তাৰপিছতেই জুবিনে প্ৰাণঢালি গাইছিল তেওঁৰ সৃষ্ট বিশেষ গীত মায়াবিনী ৰাতিৰ বুকুত৷ জুবিন গাৰ্গৰ শেষ ইচ্ছা আছিল তেওঁৰ মৃত্যু হলে ৰাজ্যৰ চৌদিশে যেন বাজি থাকে এই গীত, ‘মায়াবিনী ৰাতিৰ বুকুত… দেখা পালো তোমাৰ ছবি৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















