অৱশেষত অধিবক্তা পালে শেখৰ, অমৃতপ্ৰভা, শ্যামকানুকে ধৰি ৭ অভিযুক্তই৷ ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এজন অধিবক্তাই৷ শ্যামকানুৰ পত্নী অনিতা ডেকাই অধিবক্তা বিচাৰি হাবাথুৰি খোৱাৰ সময়তে অভিযুক্তসকলৰ বাবে আহিছে ভাল খবৰটো৷ অধিবক্তাসমাজে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ নিদিও বুলি কোৱাৰ সময়তে চৰকাৰীভাৱে নিয়োগ কৰা অধিবক্তা ধ্ৰুৱজ্যোতি দাসে অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব লাগিব৷ জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা নিয়োগ কৰা হৈছে অধিবক্তা ধ্ৰুৱজ্যোতি দাসক৷
অধিবক্তা ধ্ৰুৱজ্যোতি দাসে অকলেই ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব৷ আজি অৰ্থাৎ ১৬ ডিচেম্বৰত আছিল জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি৷ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত আটাইকেইটা অভিযুক্তকে ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে আদালতত হাজিৰ কৰোৱা হয়৷ কামৰূপ মহানগৰ CJMৰ সন্মুখত হাজিৰ কৰোৱা হৈছে আটাইকেইটা অভিযুক্তক৷ সকলো অভিযুক্তকে কাৰাগাৰত দিয়া হৈছে অভিযোগনামাৰ প্ৰতিলিপি৷ আদালতত ভিডিঅ’ কনফাৰেন্সযোগে হাজিৰ হৈ কি কি কৰিলে আটাইকেইটা অভিযুক্তই৷ সেই কথাও জনাইছে চৰকাৰী পক্ষই নিয়োগ কৰা অধিবক্তাই৷
১৬ ডিচেম্বৰত অভিযুক্তৰ হৈ আদালতত উপস্থিত থাকে অধিবক্তা ধ্ৰুৱজ্যোতি দাস৷ জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা নিয়োগ কৰা হৈছে অধিবক্ত ধ্ৰুৱজ্যোতি দাসক৷ ধ্ৰুৱজ্যোতি দাসে সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি প্ৰথমটো শুনানিৰ সময়ত কাৰাগাৰত হুৰাহুৰে কান্দিছে একমাত্ৰ মহিলা অভিযুক্ত অমৃতপ্ৰভাই৷ সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপন অনুতপ্ত হোৱাৰ লগতে হতাশো হৈছে৷ সন্দীপন আটাইতকৈ বেছি ভাগৰি পৰিছে বুলিও উল্লেখ কৰিছে অধিবক্তা ধ্ৰুৱজ্যোতি দাসে৷ কিন্তু এজনো অভিযুক্ত ক্ষীণাই শুকাই যোৱা নাই৷ পূৰ্বতকৈ স্বাস্থ্য ভালহে হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















