শ্যামকানু, অমৃতপ্ৰভা, সিদ্ধাৰ্থ আৰু শেখৰৰ মৃত্যুদণ্ড হ’ব পাৰে৷ এই কথা নিশ্চিত কৰিছে SIT য়ে৷ চাৰ্জশ্বীট দাখিলৰ পাছতেই সংবাদমেল সম্বোধন কৰিছে মুন্নাপ্ৰসাদ গুপ্তাই৷ অমৃতপ্রভাই তথ্য লুকুৱাবলৈ চেষ্টা কৰাৰো ভয়ংকৰ অভিযোগ আনিছে মুন্নাপ্ৰসাদ গুপ্তাই৷ ৪ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷ বিএনএছৰ ১০৩ ধাৰা ৰুজু কৰা বুলিও উল্লেখ কৰিছে মুন্নাপ্ৰসাদ গুপ্তাই৷ অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক এই কথাৰো ইংগিত দিছে মুন্নাপ্ৰসাদ গুপ্তাই৷
BNSৰ ১০৫ ধাৰা সন্দীপন গাৰ্গৰ বিৰুদ্ধে৷ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে BNSৰ ৩১৬ ধাৰা৷ ১২ হাজাৰ পৃষ্ঠাজোৰা চাৰ্জশ্বীট৷ মেইন চাৰ্জশ্বীট ২৫০০ পৃষ্ঠাৰ বুলিও জনাইছে মুন্নাপ্ৰসাদ গুপ্তাই৷ ইয়াৰোপৰি বিত্তীয় খেলিমেলিৰ প্ৰসংগও উল্লেখ কৰিছে SITৰ সংবাদমেলত৷ ইফালে অমৃতপ্ৰভাই সমগ্ৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল বুলিও জনাইছে SIT য়ে৷ অমৃতপ্ৰভাৱ বিৰুদ্ধে হত্যাৰ গোচৰৰ ওপৰিও BNSৰ ২৩৮ ধাৰা লগোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















