• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া-খিলঞ্জীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশ

অসমীয়া-খিলঞ্জীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশ

6 years ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

8 minutes ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

38 minutes ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

1 hour ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

3 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

3 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

4 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

5 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

5 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

7 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

8 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

8 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া-খিলঞ্জীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশ

কেইটামান প্ৰস্তাৱ

editor by editor
August 8, 2020
in অসম, লেখা
0
অসমীয়া-খিলঞ্জীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশ
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাৰ সমৃদ্ধি আৰু বিকাশৰ প্ৰশ্নটো  বহু বছৰ ধৰি চলি আহিছে। প্ৰাসংগিক প্ৰশ্নটো হৈছে, সমকালীন ভাৰতীয় গুৰুত্বপূৰ্ণ ভাষা যেনে হিন্দী, বাংলা, তামিল, মালায়ালম আদিত ভাষিক অস্তিত্বহীনতাৰ কথা উত্থাপন হৈছে নে নাই? ভাষিকভাৱে সংখ্যালঘু হৈ এসময়ত ভাষাটোৱে নোহোৱা হৈ যাব ধৰাৰ যিটো শংকাত অসমীয়াভাষী আৰু অসমৰ খিলঞ্জীয়া লোকসকল আজি দীৰ্ঘদিনধৰি আচ্ছন্ন হৈ আছে তেনে শংকা উল্লিখিত  ভাষাবোৰত একেবাৰে নাই বুলিব পাৰি। তাৰ মুখ্য কাৰণ হৈছে-

ক) উল্লিখিত হিন্দী, বাংলা, তামিল বা মালায়ালম ভাষা কোৱা লোকৰ সংখ্যা সমগ্ৰ বিশ্বতে বৃহৎ সংখ্যাত আছে। সমগ্ৰ পৃথিৱীত বাংলা ভাষা কোৱা লোকৰ সংখ্যাই হৈছে ২১ কোটিতকৈও বেছি। হিন্দীভাষী লোকৰ সংখ্যা হৈছে ৪৯ কোটি। একেদৰে ৭.৫ কোটিতকৈও অধিক লোকে তামিল আৰু প্ৰায় ৪ কোটি  লোকে মালায়ালম ভাষা কয়। মাৰাঠী আৰু তেলেগুভাষী লোকৰ সংখ্যাও প্ৰত্যেকৰে ক্ষেত্ৰত ৭ কোটিতকৈ বেছি। এই পৰিসংখ্যাৰ বিপৰীতে সমগ্ৰ পৃথিৱীত অসমীয়াভাষীৰ সংখ্যা হৈছে ডেৰ কোটিতকৈও কম। ইয়াৰ ভিতৰত এক বৃহৎসংখ্যক লোক এনে আছে যিসকলে লোকপিয়লৰ সময়ত নিজ মাতৃভাষা অসমীয়া বুলি লিখে যদিও বাস্তৱত এনে লোকসকলৰ মাতৃভাষা বেলেগ। গতিকে অসমীয়াক হাড়ে-হিমজুৱে মাতৃভাষা বুলি মান্যতা দিয়া লোকসকলে সততে নিজ গৃহভূমিত সংখ্যালঘু হৈ পৰাৰ এক ধাৰাবাহিক শংকাত ভুগি থাকে যি শংকা উল্লিখিত ভাষাত কোনোকালে দেখা দিয়া নাই। অসমৰ আন খিলঞ্জীয়া আন নৃ-গোষ্ঠীবোৰৰ অৱস্থা কিমান সংবেদনশীল তাক হয়তো বিস্তাৰিতভাৱে  কোৱাৰ প্ৰয়োজন  নাই।

খ) দ্বিতীয়তে, আজি প্ৰায় দুটা শতিকা ধৰি অসমলৈ নিৰৱচ্ছিন্ন প্ৰব্ৰজন অব্যাহত আছে। ইয়াৰ ফলত অসমৰ জনগাঁথনি ভাষিক, সাংস্কৃতিক আদি দিশত ব্যাপকভাৱে সলনি হ’বলৈ ধৰিছে। অসমৰ খিলঞ্জীয়া ভাষিক গোষ্ঠীসমূহ নিজৰ মাতৃভূমিতে অস্তিত্বহীন হৈ পৰাৰ শংকাত ভুগি আহিছে। এনে শংকা ভাৰতবৰ্ষৰ  আন কোনো আঞ্চলিক ভাষালৈ অহা নাই বুলি নিশ্চিতভাৱে ক’ব পাৰি।

সেয়েহে, অসমীয়া আৰু অসমৰ আন খিলঞ্জীয়া ভাষাৰ সুৰক্ষা আৰু শ্ৰীবৃদ্ধিৰ বাবে আমি ব্যক্তিগতভাৱে কেইটামান প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰিছোঃ

১) যিহেতু অসম আন্দোলনৰ পৰৱৰ্তী সময়ৰ পৰাই অসমৰ সৰহসংখ্যক  মধ্যবিত্তৰ ল’ৰা- ছোৱালীয়ে ইংৰাজী  মাধ্যম আঁকোৱালি লৈছে আৰু সমান্তৰালভাৱে অসমীয়া আৰু আন খিলঞ্জীয়া ভাষা-সাহিত্য আদিৰ প্ৰতি বিতুষ্টি প্ৰকাশ আৰম্ভ কৰিছে, সেয়েহে অসম চৰকাৰে অসম চৰকাৰৰ অধীনত সকলো চৰকাৰী কৰ্মচাৰী-বিষয়া আদিৰ সতি-সন্ততিক অসমীয়া তথা অসমৰ খিলঞ্জীয়া আন ভাষাৰ  বিদ্যালয়ত পঢ়োৱাটো বাধ্যতামূলক কৰি তুলিব লাগে। ইয়াৰ বাবে যথাযথ বিধি প্ৰণয়ন কৰাটো অতি প্ৰয়োজনীয়।

২) আমি লক্ষ্য কৰিছো যে অসম চৰকাৰৰ সৰহভাগ কৰ্মচাৰী-বিষয়া আদিয়ে  অসমীয়া বা আন খিলঞ্জীয়া ভাষাৰ কাকত, আলোচনী, কিতাপ আদি ক্ৰয় নকৰে। অসম ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ এটা অংশ ধন  অসমীয়া বা আন খিলঞ্জীয়া ভাষাৰ বাতৰি কাকত, আলোচনী আৰু কিতাপ কিনাত ব্যয় কৰাটো বিধিগতভাৱে বাধ্যতামূলক কৰিব লাগে।

৩) সকলো চৰকাৰী অনুষ্ঠানত গামোচাৰ লগতে ব্যাপকভাৱে অসমীয়া আৰু আন খিলঞ্জীয়া ভাষাৰ শ্ৰেষ্ঠ বুলি বিবেচিত ৰচনাৱলী, সকলোৰে দ্বাৰা সমাদৃত ন-পুৰণি লেখকৰ উৎকৃষ্ট গ্ৰন্থ বিতৰণৰ ব্যৱস্থা কৰিব লাগে।

৪) অসমৰ প্ৰায় আটাইকেইখন দৈনিক আৰু সাপ্তাহিক কাকত, আলোচনী  আদি সংকটৰ গৰাহত। অসম চৰকাৰে এনে প্ৰত্যেক কাকত আলোচনী আদি চৰকাৰী খৰচত সমসংখ্যাত কিনি অসমৰ প্ৰত্যেকখন গাঁৱৰ ৰাজহুৱা পুথিভঁৰাল, ক্লাবঘৰ বা আন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰিব লাগে যাতে মানুহে বিনামূলীয়াকৈ কাকত-আলোচনী পঢ়িব পাৰে।

অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাৰ সুৰক্ষা আৰু উন্নতিৰ স্বাৰ্থত   উল্লিখিত এই প্ৰস্তাৱবোৰ কিমানদূৰ কাৰ্যকৰী কৰিব পাৰি সেই বিষয়ত বিতং আলোচনা হোৱাটো একান্তই প্ৰয়োজনীয় বুলি আমি বিশ্বাস  কৰো।

(কিশোৰ কুমাৰ কলিতা ৰাজ্যৰ এগৰাকী জনপ্ৰিয় নিবন্ধকাৰ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Assam-Govtaxom live 24kishor kumar kalita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?
জীৱনশৈলী

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

August 5, 2026
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল
বিনোদন

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ
অপৰাধ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

August 5, 2026
Next Post
১ ছেপ্টেম্বৰৰ পৰা খুলিব গুৱাহাটী বিশ্ববিদ‍্যালয়৷ অনুষ্ঠিত হ’ব পৰীক্ষা৷ ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া কি?

১ ছেপ্টেম্বৰৰ পৰা খুলিব গুৱাহাটী বিশ্ববিদ‍্যালয়৷ অনুষ্ঠিত হ’ব পৰীক্ষা৷ ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া কি?

মাস্ক পিন্ধি বাৰত কেনেকৈ সুৰাপান কৰিব? উপায় উলিয়ালে৷

মাস্ক পিন্ধি বাৰত কেনেকৈ সুৰাপান কৰিব? উপায় উলিয়ালে৷

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.