অসম লাইভ২৪ঃ চলিত বছৰত অস্কাৰৰ মঞ্চত থিয় হৈছিল ভাৰতৰ এখন বিশেষ চিনেমা। অস্কাৰৰ মঞ্চত গজৰাজৰ জয়জয়কাৰ দেখিছিল বিশ্বই। চুটি ছবি ‘দ্যা এলিফেণ্ট হুইস্পাৰাৰ্ছ’ নামৰ ছবিখনে জয় কৰিছিল অস্কাৰ। বিগত মাৰ্চ মাহত দেশলৈ সন্মান কঢ়িয়াই আনিছে চুটি ছবিখনে। এই ছবিখনে লাভ কৰা অস্কাৰ গ্ৰহণ কৰিছিল ছবিখনৰ পৰিচালক কাৰ্তিকি গনছালভেছ আৰু প্ৰযোজক গুনীত মোঙ্গাই। অস্কাৰ লৈ দেশলৈ আহি ‘দ্যা এলিফেণ্ট হুইস্পাৰাৰ্ছৰ’ মাউত দম্পত্তি বোমান আৰু বেলীৰ হাতত তেওঁলোকে সেই বঁটাটো তুলি দিয়ে।
অস্কাৰ হাতত লৈ হাঁহিমুখে থকা সেই মাউত দম্পত্তিৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰে অস্কাৰজয়ী তথ্য পৰিচালকে। সেই স্মাৰক হাতত তুলি সামাজিক মাধ্যমত ফটো দিলে কিন্তু ইয়াৰ আঁৰত ৰৈ যোৱা দুখ কোনে বুজিব? অস্কাৰ জয়ৰ ৫মাহ পাৰ হৈ গ’লেও এতিয়াও পাৰিশ্ৰমিক লাভ কৰা নাই ছবিখনৰ দুই অভিনেতা বেলী আৰু বোমানে। ২কোটি টকাৰ দাবী জনাই নিৰ্মাতাসকললৈ আইনী নটিছো পঠিয়াইছে তেওঁ।
তামিলনাডুৰ মুদুমালাই অঞ্চলৰ বাসিন্দা বোমান আৰু বেলী। গজৰাজ ৰঘুক কেনেকৈ মৃত্যুৰ পৰা বচাইছিল মাউত বোমানে সেই কথাই ছবিখনৰ জৰিয়তে তুলি দিয়া হৈছিল। ৰঘুক নতুন জীৱন দিয়াই নহয়, বোমান আৰু বেলীয়ে ৰঘুক খুব আব্দাৰৰ মাজত ৰাখিছিল। তাৰপিছতেই বোমান আৰু বেলীয়ে লৈ আনে আম্মুক। দুই গজৰাজক ভালকৈ ৰাখিবলৈ তেওঁলোকে কি কি কৰিছিল সমূহ বৰ্ণনা ছুটি ছবিখনত দাঙি ধৰা হৈছে। তেওঁলোকৰ জীৱনযাপনৰ আধাৰত তৈয়াৰ কৰা তথ্যচিত্ৰই অস্কাৰ পোৱাৰ পাছত কিন্তু তেওঁলোকে বৰ্তমানলৈ ছবিখনত অভিনয় কৰাৰ বাবদ কোনো পাৰিশ্ৰমিক লাভ নকৰিলে।
বোমান আৰু বেলিয়ে জনোৱা অনুসৰি তথ্যচিত্ৰখনত তেওঁৰ বিবাহৰ দৃশ্যও দেখুওৱা হৈছে। এই দৃশ্য শ্বুট কৰাৰ নামতেই প্ৰায় ১লাখ টকা খৰচ কৰিছিল। পৰিচালক কাৰ্তিকিয়ে এদিনতেই সেই দৃশ্য শ্বুট কৰিছিল। সেই শ্বুটিঙৰ সময়ত প্ৰায় ১লাখ টকা বোমান আৰু বেলীৰ নিজৰ গাঁঠিৰ পৰাই খৰচ হৈছিল। দম্পত্তিৰ অভিযোগ, কাৰ্তিকিয়ে ছবিখন কৰি থকাৰ সময়ত বোমান আৰু বেলীক কথা দিছিল যে অচিৰেই তেওঁলোকৰ ধন ওভতাই দিব। কিন্তু অস্কাৰ জয় কৰাৰ পাছত পাত্তাই নিদিলে বোমান আৰু বেলীক। মাউত দম্পতিয়ে কয় যে, তথ্যচিত্ৰৰ শ্বুটিঙৰ সময়ত তেওঁলোকক খুবেই তেল মৰা হৈছিল। বোমান আৰু বেলীৰ নাতিনীয়েকক লেখাপঢ়াৰ দায়িত্বও লম বুলি কৈছিল পৰিচালকে। কিন্তু ছবিখনে সফলতা লাভ কৰাৰ পাছত সকলোবোৰ প্ৰতিশ্ৰুতিয়েই পাহৰি পেলালে পৰিচালকে। তেওঁলোকৰ কথাত আক্ষেপৰ সুৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ