অসম লাইভ ২৪ঃআজিৰ পৰা আৰম্ভ আৰ্মী কমাণ্ডাৰ্ছ কনফাৰেন্স। ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ছিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট। বায়ুসেনা প্ৰধান আৰু নৌ সেনাধ্যক্ষই ভাষণ প্ৰদান কৰিব সন্মিলনত। প্ৰথমবাৰৰ বাবে আন্দামান নিকোবৰৰ কমাণ্ডাৰৰ শীৰ্ষ বিষয়াই অংশ ল’ব বৈঠকত। স্থলসেনা প্ৰধানৰ ভাষণেৰে আৰম্ভ হ’ব সন্মিলন। নতুন দিল্লীত অনুষ্ঠিত হৈছে এই সন্মিলন। সন্মিলনত ভাৰত-চীন সীমা বিবাদৰ বিষয়টোৱে অত্যধিক গুৰুত্ব লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ