অসম লাইভ২৪ঃ ওছমান আৰছাদ নামৰ ছাত্ৰজনে খোজকাঢ়িয়েই উপস্থিত হ’ল মক্কাত। প্ৰতি বছৰেই লাখ লাখ মুছলমানে মক্কালৈ যাত্ৰা কৰে। হজ কৰিলে পুণ্যতা পোৱা যায় বুলি বিশ্বাস ইছলাম ধৰ্মাৱলম্বী লোকৰ। ওছমানেও ওমৰাহ হজলৈ বুলিয়েই যাত্ৰা আৰম্ভ কৰিছিল। পাকিস্তানৰ ঔকাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ওছমানে।
প্ৰায় ৬মাহ খোজকাঢ়ি মক্কাত উপস্থিত হৈছে ওছমান। পাকিস্তানৰ পৰা ইৰাণ, UAE পাৰ হৈ ছৌদি আৰৱত উপস্থিত হয়। ওছমানৰ এই যাত্ৰা সহজ নাছিল।খোজেৰে যাত্ৰা কৰোতে ইৰাক হৈ যাবলৈ ভিছা লাভ কৰা নাছিল ওছমানে। ইৰাকত সোমোৱাৰ অনুমতি নোপোৱাৰ বাবে নাৱেৰে ইউএইলৈ যাত্ৰা কৰে। যাত্ৰা কাল কেনেকৈ পাৰ হৈছিল ওছমানৰ?
যাত্ৰা সন্দৰ্ভত ওছমানে কয়, ‘বতৰৰ পৰিবৰ্তনৰ সৈতে মোকাবিলা কৰি যাত্ৰা কৰিছিলো। খোজ কাঢ়ি ভৰিৰ ছাল ছিঙিছিল। ৰাস্তাত বহু লোকৰ সৈতে চিনাকি হৈছিলো। বহুতে মোক উৎসাহো দিছিল। ৰাস্তাত যি খাদ্য পাইছিলো তাকেই খাইছিলো। বহু লোকে মোক আন্তৰিকতাৰে খাদ্য আগবঢ়াইছিল। থাকিবৰ বাবে মই সদায়ে ভাল ঘৰ পোৱা নাছিলো। ’
ছমাহৰ অন্তত যাত্ৰা সমাপ্ত হ’ল। নিজা সপোনপুৰীত উপস্থিত হ’ল ওছমান। ইচ্ছাৰ সন্মুখত কোনো বাধাই প্ৰাচীৰ হ’ব নোৱাৰে বুলি ওছমানে মক্কাত উপস্থিত হৈ সকলোৰে বাবে প্ৰেৰণ কৰিছে বাৰ্তা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ