অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত জড়িত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈছে। সংবাদমাধ্যমৰ পৰা ছ’চিয়েল মিডিয়ালৈকে সৰ্বত্ৰে ৰিয়াক কৰা হৈছে কটাক্ষ। ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ প্ৰত্যেক সদস্যৰ নাম জড়িত হৈ পৰিছে সুশান্তৰ মৃত্যুত। ফলত বিপাঙত পৰিছে অভিনেত্ৰীগৰাকী। অভিযোগ উঠিছে সুশান্তক ৰিয়াই ড্ৰাগছ দিছিল। সুশান্তক বিহ দি হত্যা কৰাৰো অভিযোগ উঠিছে ৰিয়াৰ বিৰুদ্ধে। সুশান্তৰ মৃত্যুৰ ঘটনাত একাধিক এজেন্সিৰ তীক্ষ্ণ নজৰত আছে ৰিয়া আৰু তেওঁৰ পৰিয়াল। প্ৰতিদিনেই আহি পৰিছে ন-ন চাঞ্চল্যকৰ তথ্য। যাৰবাবে ভাৰতীয় সংবাদমাধ্যমৰ বহু সাংবাদিক অভিনেত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত খবৰৰ বাবে অপেক্ষা কৰে। তাতেই আপত্তি ৰিয়াৰ। মন্তব্য কৰিলে-নিৰাপত্তাহীনতাত ভুগিছে তেওঁ আৰু তেওঁৰ পৰিয়ালে। “ED, CBI আৰু অন্য তদন্তকাৰী সংস্থাৰ সৈতে সহযোগিতাৰ বাবে মই আৰু মোৰ পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাব লগা হৈছে। যাৰবাবে মোৰ পৰিয়ালৰ লোকসকলৰ জীৱন সংকটত পৰিছে।” আৰু সেইবাবে মুম্বাই আৰক্ষীৰ দ্বাৰস্থ হৈছে ৰিয়া। মুম্বাই আৰক্ষীক অনুৰোধ কৰি ক’লে-“আমাক সুৰক্ষা দিয়ক। যাতে আমি তদন্তকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰিব পাৰোঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















