অসম লাইভ ২৪ঃ উত্তৰপ্ৰদেশৰ মুৰাদাবাদত ক’ৰোনাৰ ভেকচিন লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ক’ৰোনা ভেকচিন লোৱাৰ পিছতেই ৪৬ বছৰীয়া এজন স্বাস্থ্যকৰ্মীৰ মৃত্যুৰ অভিযোগ উঠিছে। জিলা চিকিৎসালয়ত ৱাৰ্ডবয় হিচাপে কৰ্মৰত মহিপাল সিং নামৰ যুৱকজনে ১৬ জানুৱাৰীত ক’ৰোনাৰ ভেকচিন লৈছিল। পৰিয়ালৰ অভিযোগ অনুসৰি ক’ৰোনা ভেকচিন লোৱাৰ পিছতে মহিপালৰ স্বাস্থ্য অধিক অৱনতি হৈছিল। যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাইছিল। দেওবাৰে জিলা হাস্পতালতেই মহিপাল সিঙৰ মৃত্যু হয়। মহিপাল সিঙৰ মৃত্যুৰ পিছতে এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ