অসম লাইভ২৪ঃ মাত্ৰ ১৮ বছৰ বয়সতেই সম্ভাৱনাময় কেৰিয়াৰ বাদ দিলে। উদ্দেশ্য ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ। পাকিস্তানৰ মহিলা ক্ৰিকেট দলৰ আগশাৰীৰ ক্ৰিকেটৰ আয়েশা নাছিমে অৱসৰ ল’লে ক্ৰিকেটৰ পৰা। মাত্ৰ ১৮ বছৰ বয়সতেই আয়েশাই খেলিছে ৩৮খন আন্তৰ্জাতিক খেল। কিন্তু এই সম্ভাৱনাময় ভৱিষ্যতকলৈ তেওঁ বিশেষ আগ্ৰহী নহয় তাতকৈ তেওঁৰ বাবে ধৰ্মপ্ৰচাৰহে প্ৰধান বিষয়। সেয়ে আয়েশাই বৃহস্পতিবাৰে ললে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত। জীৱনৰ বাকীকালছোৱা তেওঁ ইছলাম ধৰ্ম প্ৰচাৰত ব্ৰতী হ’ব বুলিও জনাইছে। কেৰিয়াৰৰ উত্থানৰ সময়তেই এই সিদ্ধান্ত লোৱাত আচৰিত হৈ পৰিছে বিশ্বৰ ক্ৰিকেটপ্ৰেমী জনতা। আয়েশাই বৃহস্পতিবাৰে পাক ক্ৰিকেট বৰ্ডক জনায়, ‘মই ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰো। জীৱনৰ বাকীছোৱা কাল মই ইছলাম ধৰ্ম প্ৰচাৰক হিচাপে কটাব খোজো।’
২০২০ চনৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল আয়েশাৰ। ৩০খনকৈ টি-২০ আৰু চাৰিখন এদিনীয়া মেছ পাকিস্তান দলৰ হৈ খেলিছে আয়েশাই। টি-২০ত তেওঁ কৰিছে সৰ্বমুঠ ৩৬৯ৰান আৰু এদিনীয়াত তেওঁৰ সৰ্বাধিক ৰান ৩৩। এই বছৰৰ আৰম্ভনিতেই শেষৰখন খেল খেলিছে আয়েশাই। পাকিস্তানৰ যুৱতীসকলৰ বাবে তেওঁ প্ৰেৰণা বুলিও বহুতে চৰ্চা কৰাৰ সময়তে তেওঁ ল’লে এই সিদ্ধান্ত। আয়েশাৰ সিদ্ধান্তত সকলোৱে আচৰিত হৈছে। সম্ভাৱনা থকা এগৰাকী ক্ৰিকেটাৰে এই সিদ্ধান্ত লোৱাৰ আঁৰত ধৰ্ম নে আন কিবা সেই বিষয়েও চলিছে চৰ্চা। কিন্তু আয়েশাই এই সন্দৰ্ভত স্পষ্টকৈ জনাইছে যে তেওঁ ধৰ্ম আৰু খেলৰ মাজত ধৰ্মকেই আগস্থান দিয়ে। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ