অসম লাইভ ২৪ঃ মালদাৰ মানিকচক কলেজৰ সদ্যপ্ৰকাশিত মেধাৰ তালিকাত এইবাৰ দেখা গ’ল বলীউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰৰ নাম। বি.এ. পাছকোর্চ, এডুকেচন অনার্ছ আৰু ইংৰাজী অনার্ছ এই তিনিটা বিষয়ৰ বাবে আবেদন কৰিছিল নেহাই। বি.এ. পাছকোর্চৰ মেধাৰ তালিকাত প্ৰথম স্থানত আছে নেহা কক্কৰ। ইয়াৰ পাছতে কলেজৰ অধ্যক্ষই যোগাযোগ কৰিলে নেহা কক্কৰৰ সৈতে। নেহাই ক’লে— এই খবৰ তেওঁ শুনা পাইছে আৰু লগে লগে চাইবাৰ ক্ৰাইমত অভিযোগ দিবলৈ আহ্বান জনালে কলেজৰ অধ্যক্ষক। উল্লেখযোগ্য যে ইয়াৰ পূর্বে আশুতোষ, বাৰাচত চৰকাৰী কলেজ আৰু বজবজ কলেজৰ মেধাৰ তালিকাত দেখা গৈছিল ছানী লিওনী, মিঞা খলিফা, জনী সিঞ্চসহ একাধিক পর্ণষ্টাৰৰ নাম। আশুতোষ কলেজৰ ইংৰাজী বিভাগৰ মেধাৰ তালিকাত প্ৰথম স্থানত আছিল ছানী লিওনীৰ নাম। কলেজ কর্তৃপক্ষই জনাইছে এইবাৰ ক’ৰোনা পৰিস্থিতিৰ বাবে অনলাইনৰ জৰিয়তে নামভর্তিৰ আবেদন কৰিছিল শিক্ষার্থীয়ে। আৰু সেই সুযোগ লৈয়ে বহু শিক্ষার্থীয়ে ভুৱা আবেদন কৰিছিল। ছানী লিওনীৰ বিষয়টোক লৈ ভুৱা আবেদনকাৰীৰ ফোন নম্বৰ আৰু আই.পি. এড্ৰেছ আৰক্ষীক দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ