অসম লাইভ২৪ঃ শেষৰ পাঁচটা বলত পাঁচটা ছিক্স৷ অন্তিম অভাৰত ৫টা বলত ৫টা ৬ কোবাই বিশ্বজুৰি চৰ্চিত হৈছে ৰিংকু সিং৷ পৰাজয়ৰ মুখৰ পৰা দলটোক জয়ৰ সোৱাদ দিলে ৰিংকু সিঙে৷ ৰিংকুৰ খেলৰ সমান্তৰালকৈ এতিয়া চৰ্চা হৈছে ৰিংকু সিঙৰ সংগ্ৰামৰ কাহিনীও৷
ক্ৰিকেটাৰগৰাকীৰ পৰিয়াল অতিকৈ দৰিদ্ৰ আছিল৷ ক্ৰিকেট খেলাৰ বাবে বহু কষ্ট কৰিবলগীয়া হৈছিল ৰিংকু সিঙে৷ ৰিংকু সিঙৰ দেউতাকে মানুহৰ ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰণ কৰিছিল৷ ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় বেট-বল কিনিবলৈকো ধনৰ অভাৱ হৈছিল ৰিংকু সিঙৰ৷ ইমান বাধাৰ মাজতো ৰিংকু সিং নিজৰ প্ৰতিভাৰে উজলি উঠিল৷
মহম্মদ জেছান নামৰ এগৰাকী ব্যক্তিয়ে সহায় কৰা আৰম্ভ কৰিলে ৰিংকু সিঙক৷ কিন্তু দৰিদ্ৰতাৰ মাজত ক্ৰিকেট খেলাটো ইমান সহজ নাছিল ৰিংকু সিঙৰ বাবে৷ এটা কছিং চেণ্টাৰত চাফাই কৰ্মীৰ চাকৰি কৰিবলগীয়া হৈছিল ৰিংকু সিঙে৷ কিন্তু ৰিংকু সিঙে সিদ্ধান্ত ল’লে এই চাকৰি নকৰে৷ ইয়াৰ পৰিবৰ্তে তেওঁ ক্ৰিকেট খেলিব৷ পঢ়া শুনাৰ ক্ষেত্ৰতো ৰিংকু সিঙে বৰ বেছি আগবাঢ়িব নোৱাৰিলে৷ নৱম শ্ৰেণীলৈকেহে ৰিংকু সিঙে আনুষ্ঠানিক শিক্ষা সম্পন্ন কৰিলে৷
ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা এৰি নিদিলে ৰিংকু সিঙে৷ আণ্ডাৰ-১৯ ত ভাল ফলাফল দেখুৱালে ৰিংকু সিঙে৷ ৰঞ্জী ট্ৰফীটো স্থান পালে ক্ৰিকেটাৰজনে৷ আলীগড়ৰ পৰা আইপিএলত নিৰ্বাচিত হোৱা প্ৰথমজন খেলুৱৈ ৰিংকু সিং৷ আইপিএল কনট্ৰেক্টৰ পাছত বহু টকা পাইছিল ৰিংকু সিঙে৷ জীৱনত ইমান টকা কেতিয়াও দেখা নাছিল ৰিংকু সিঙে৷ এই টকাৰে ঘৰ নিৰ্মাণ কৰিলে ৰিংকু সিঙে৷ বাকী থকা ধাৰো মাৰিলে ৰিংকু সিঙে৷ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৫ টা ছিক্স কোবাই হৃদয় জিনিলে শ্বাহৰুখ খানৰো৷
২০২২ৰ আইপিএলটো এল এছ জিৰ বিৰুদ্ধে ৰিংকু সিঙে খেলিছিল বিস্ফোৰক ইনিংছ৷ ১৫ টা বলত লৈছিল ৪০ ৰান৷ কিন্তু সেই খেলখনত পৰাস্ত হৈছিল কেকেআৰ। সেইগৰাকী ৰিংকু সিঙে জয়ৰ সোৱাদ পালে এইবাৰৰ আইপিএলত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ